অসম

assam

By

Published : Feb 13, 2021, 8:52 PM IST

ETV Bharat / state

ধুবুৰী জিলা বিজেপিৰ সভাপতিক সকিয়নী মিত্ৰদল অগপৰ

শনিবাৰে অসম গণ পৰিষদৰ ধুবুৰী কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলত ধুবুৰী বিধান পৰিষদৰ সভাপতি সৰকাৰে কয়, বিজেপিৰ জিলা সভাপতি গৰাকীয়ে অগপৰ পতাকাক অপমান কৰাৰ লগতে সাংগঠনিক স্থিতি নাই বুলি কোৱাৰ পিছত অগপৰ কৰ্মীসকলে মিত্ৰ দল বিজেপিৰ জিলা সভাপতিৰ পুত্তোলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাটো স্বাভাৱিক । ধুবুৰী জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালৰ অগপৰ প্ৰতি অপমানসূচক মন্তব্য কৰা কাৰ্যক মই তীব্র নিন্দা কৰিছো ।

As_dhb_02_13feb_AGP_press_meet_as10041
ধুবুৰী জিলা বিজেপিৰ সভাপতিক সকিয়নী মিত্ৰদল অগপৰ

ধুবুৰী, 13 ফেব্ৰুৱাৰী: ধুবুৰীত অগপ-বিজেপি সংঘাত প্ৰসংগত পুণৰবাৰ বিজেপি নেতা ডাঃ সান্যালক সকিয়নী অগপৰ । বিজেপিৰ জিলা সভাপতি ডাঃ দেৱময় সান্যালৰ এটা সাক্ষাৎকাৰে জিলাখনত অগপ আৰু বিজেপিৰ ভিতৰচৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে । তেনে সময়তে শুকুৰবাৰে অগপৰ ভাতৃ সংগঠনৰ ধুবুৰী বিধান যুৱ পৰিষদে ধুবুৰী জিলা বিজেপিৰ সভাপতি গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও পুত্তোলিকা দাহ কৰে ।

ধুবুৰী জিলা বিজেপিৰ সভাপতিক সকিয়নী মিত্ৰদল অগপৰ

ইয়াৰ পিছতে শনিবাৰে পুণৰ ধুবুৰী বিধান পৰিষদৰ সভাপতি দিলীপ কুমাৰ সৰকাৰে এখন সংবাদমেলৰ আয়োজন কৰি সকিয়ানী প্ৰদান কৰে বিজেপিৰ ধুবুৰী জিলা সভাপতি ডাঃ সান্যালক । শনিবাৰে অসম গণ পৰিষদৰ ধুবুৰী কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলত ধুবুৰী বিধান পৰিষদৰ সভাপতি সৰকাৰে কয় , বিজেপিৰ জিলা সভাপতি গৰাকীয়ে অগপৰ পতাকাক অপমান কৰাৰ লগতে সাংগঠনিক স্থিতি নাই বুলি কোৱাৰ পিছত অগপৰ কৰ্মীসকলে মিত্ৰ দল বিজেপিৰ জিলা সভাপতিৰ পুত্তোলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাটো স্বাভাৱিক । ধুবুৰী জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালৰ অগপৰ প্ৰতি অপমানসূচক মন্তব্য কৰা কাৰ্যক মই তীব্র নিন্দা কৰিছো।

লগতে তেওঁ কয় যে, ডাঃ সান্যালে ধুবুৰীত তিনিবাৰকৈ পৰাজয় বৰণ কৰিছে সেই কথাটোও সঁচা । ধুবুৰী সমষ্টিত কাৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেয়া মিত্ৰ দলৰ হাই কমাণ্ডে বিবেচনা কৰিব বুলি উল্লেখ কৰাৰ লগতে ভৱিষ্যতে যাতে বিজেপি জিলা সভাপতি গৰাকীয়ে এনে মন্তব্য দিয়াৰ পৰা বিৰত থাকে তাৰ বাবেও সকীয়াই দিয়ে । ইপিনে এইবেলি ধুবুৰী জিলাখনৰ ধুবুৰী, বিলাসিপাৰা পশ্চিম আৰু বিলাসিপাৰা পূৱ সমষ্টিত দলীয় প্ৰাৰ্থী বিচাৰিব বুলি সংবাদমেলত উল্লেখ কৰে ধুবুৰী বিধান পৰিষদৰ সভাপতি দিলীপ কুমাৰ সৰকাৰে।

উল্লেখ্য আগন্তক দিনত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আলী আকবৰকে ধৰি বহু সংখ্যক লোক অগপ দলত যোগদান কৰিব বুলিও উল্লেখ কৰে অগপৰ ধুবুৰী বিধান পৰিষদৰ সভাপতি গৰাকীয়ে।

লগতে পঢ়ক-হাজোৰ বাসগৃহত কান্দোনৰ ৰোল, বাসগৃহত উপস্থিত কৃষ্ণ বৈশ্যৰ মৃতদেহ

ABOUT THE AUTHOR

...view details