অসম

assam

ETV Bharat / state

নিৰ্বাচনলৈ সাজু ধুবুৰী জিলা প্ৰশাসন - অসম বিধান সভাৰ নিৰ্বাচন

অসম বিধান সভা নিৰ্বাচনলৈ সাজু হৈছে ধুবুৰী জিলা প্ৰশাসন ৷ ধুবুৰী জিলাৰ মুঠ ভোটাৰ 9 লাখ 51 হেজাৰ 543 জন। জিলাখনত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 1422 টা ৷ 1422 টা ভোটকেন্দ্ৰৰ ভিতৰত স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা 128 টা ৷

dhubri administration gears up for assam assembly election 2021
dhubri administration gears up for assam assembly election 2021

By

Published : Mar 5, 2021, 12:47 PM IST

ধুবুৰী, 5 মাৰ্চ:অসম বিধান সভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে পূৰ্ণ গতিত প্ৰস্তুতি চলাইছে ধুবুৰী জিলা প্ৰশাসনে ৷ ধুবুৰী জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই বৃহস্পতিবাৰে সন্ধিয়া এখন সংবাদমেল সম্বোধন কৰি নিৰ্বাচনৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু বুলি সদৰী কৰে ৷ উপায়ুক্ত কলিতাই কয় যে, ধুবুৰী জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে প্ৰশাসন ইতিমধ্যে সাজু হৈছে ৷

অসম বিধান সভা নিৰ্বাচনলৈ সাজু হৈছে ধুবুৰী জিলা প্ৰশাসন

জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত কলিতাই উল্লেখ কৰা মতে, ধুবুৰী জিলাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ গোলোকগঞ্জ, বিলাসীপাৰা পূব আৰু বিলাসীপাৰা পশ্চিম সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 9 লাখ 51 হেজাৰ 543 গৰাকী ৷ এইবাৰ জিলাখনত নতুন ভোটাৰৰ সংখ্যা 6262 গৰাকী বুলি তেঁও জানিবলৈ দিয়ে ৷ 8০ বছৰ উৰ্ধৰ ব্যক্তিৰ লগতে দিবাংগ আৰু ক'ভিড-19 আক্রান্ত সকলে প'ষ্টেল ভোট দিব পাৰিব বুলি সংবাদমেলখনত উল্লেখ কৰা হয় ৷

জিলাখনত মুঠ 1422 টা ভোটকেন্দ্ৰৰ ভিতৰত স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 128 টা ৷ নিৰ্বাচনৰ বাবে 5926 গৰাকী বিষয়া-কৰ্মচাৰী নিয়োগ কৰি এই বিষয়া কৰ্মচাৰী সকলক ইতিমধ্যে ক'ভিড-19 প্ৰতিষেধক দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি জিলা প্ৰশাসনে উল্লেখ কৰে ৷ উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে জিলাখনৰ প্ৰতিটো সমষ্টিত ফ্লায়িং স্কোৰ্টৰ টিম সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে ৷ নিৰ্বাচন সুচাৰুভাৱে পৰিচালনা কৰাৰ বাবে 3902 খন সৰু-বৰ বাহন ধুবুৰী জিলা প্ৰশাসনে অধিগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক:নিৰ্বাচনী আচৰণ বিধিৰ মাজতে চাপৰত 2.78 লাখ নগদ ধন জব্দ

ABOUT THE AUTHOR

...view details