ধুবুৰী, 6 মাৰ্চ :শুকুৰবাৰে সন্ধিয়া ধুবুৰীৰ পৰা গৌৰীপুৰ সংযোগী পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো । তীব্র বেগী এখন বাছে মহতিয়াই নিয়াৰ ফলত নিহত হয় বাইক আৰোহী জাকিৰুল শেখ । জানিব পৰা মতে, ধুবুৰীৰ দক্ষিণ টিয়ামাৰী দ্বিতীয় খণ্ড গাঁৱৰ হেলাল উদ্দিনৰ পুত্ৰ জাকিৰুল শেখে (২০) মটৰ চাইকেলেৰে গৌৰীপুৰ অভিমুখে আহি থকা অৱস্থাত একেদিশৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা AS- 17B- 4017 নম্বৰৰ তীব্ৰ বেগী বাছ এখনে পিছ ফালৰ পৰা জাকিৰুল শেখক মহতিয়াই লৈ যায়।
ধুবুৰীত পথ দুৰ্ঘটনাঃ নিহত 1 - পথ দুৰ্ঘটনা নিহত জাকিৰুল শেখৰ
গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত যুৱকজনক ৰাইজৰ সহযোগত যান বাহন আৰক্ষীয়ে উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে যদিও প্ৰাথমিক চিকিৎসাৰ পাছতে চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷
ভয়ংকৰ পথ দুৰ্ঘটনা
গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত যুৱকজনক ৰাইজৰ সহযোগত যান বাহন আৰক্ষীয়ে উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে যদিও প্ৰাথমিক চিকিৎসাৰ পাছতে চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে। ইপিনে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্থ বাছখন আৰু মটৰ চাইকেলখন জব্দ কৰে যদিও বাছ খনৰ কোনো চালক হেণ্ডিমেনক আটক কৰিবলৈ সক্ষম হোৱা নাই।