ধুবুৰী, 29 আগষ্টঃ দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এন আৰ চি উন্নীতকৰণৰ কাম । এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বেই বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিজেপি বিধায়ক শিলাদিত্যই বিগত দিনত বিভিন্ন সময়ত লাখ লাখ বাংলাদেশীৰ নাম আৰু লাখ লাখ বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বুলি বিতৰ্কিত মন্তব্য কৰি আহিছিল। এনে সময়তে বৃহস্পতিবাৰে ধুবুৰীত অনুষ্ঠিত কৰা এখন সংবাদমেলৰ জৰিয়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক মুকলি প্ৰত্যাহ্বান জনাই সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । উল্লেখযোগ্য যে, ভুৱা নথি এন আৰ চিত জমা দিয়াৰ প্ৰমাণ আছে যদি তেনে দহটা ভুৱা নথি দেখুৱাই দিয়ক বুলি মুকলি প্ৰত্যাহ্বান জনায় আমছুৰ সভাপতি গৰাকীয়ে। লগতে আমছুৰ সভাপতি গৰাকীয়ে বিজেপিয়ে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিব বিচাৰিছে বুলিও অভিযোগ তোলে । লগতে বিজেপিয়ে বিদেশী মুক্ত নহয় বিদেশী যুক্ত এখন এন আৰ চি বিচাৰিছে বুলি সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীক।
শিলাদিত্যক কমেও দহ দিনৰ বাবে গৃহবন্দী কৰি ৰাখকঃ আমছুৰ সভাপতি - বিধায়ক শিলাদিত্য দেৱক দহ দিনৰ বাবে গৃহবন্দী
এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশলৈ মাজত মাত্ৰ এটা দিন । ধুবুৰীত আমছুৱে এক সংবাদমেল আয়োজন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিধায়ক শিলাদিত্য দেৱক দহ দিনৰ বাবে গৃহবন্দী কৰি ৰখাৰো দাবী উত্থাপন কৰে৷
ধুবুৰীত আমছুৰ সংবাদমেল
একেদৰে এন আৰ চিক লৈ বিভিন্ন সময়ত বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰি অহা বিজেপি বিধায়ক শিলাদিত্য দেৱকো উভতি ধৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। এন আৰ চিৰ প্ৰতি লক্ষ্য ৰাখি শিলাদিত্যক কমেও দহ দিনৰ বাবে গৃহবন্দী কৰি ৰাখিবলৈ আহ্বান জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।