অসম

assam

ETV Bharat / state

Dhubri 13 years boy life struggle : 13 বছৰীয়া ছোৱাহানে পোহপাল দিছে 6 জনীয়া পৰিয়ালক

কঠোৰ জীৱন সংগ্ৰামেৰে মাজেৰে সোণোৱালী শৈশৱ পাৰ কৰিছে 13 বছৰীয়া ছোৱাহান আলীয়ে ( Life struggle of 13 years boy)৷ 6 জনীয়া পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব পালিছে ধুবুৰীৰ ছোৱাহানে ৷ ভাপত দিয়া পিঠা বিক্ৰী কৰি পৰিয়াল পোহপাল দিছে ছোৱাহানে ৷

By

Published : Dec 19, 2022, 1:46 PM IST

Dhubri 13 years boy life struggle
13 বছৰীয়া ছোৱাহানে দায়িত্ব বহণ কৰিছে 6 জনীয়া পৰিয়ালৰ

13 বছৰীয়া ছোৱাহানে দায়িত্ব বহণ কৰিছে 6 জনীয়া পৰিয়ালৰ

ধুবুৰী, 19 ডিচেম্বৰ: গণশিল্পী ড৹ ভূপেন হাজৰিকাই গানৰ মাজেৰে কৈ গৈছে 'সংগ্ৰাম আন এটি নাম জীৱনৰে' বুলি ৷ সমগ্ৰ জীৱনজুৰি প্ৰতিগৰাকী লোকে লিপ্ত হ’বলগীয়া হয় জীৱন সংগ্ৰামত ৷ কিন্তু একাংশ লোকৰ জীৱন সংগ্ৰামৰ কাহিনী বহুতৰ বাবে হৈ পৰে প্ৰেৰণা, আকৰ্ষণৰ কাৰণ ৷ ৰাজ্যখনৰ ধুবুৰী জিলা চহৰৰ এটি সংগ্ৰামী কিশোৰৰ জীৱন-গাঁথাই বৰ্তমান দৃষ্টি আকৰ্ষণ কৰিছে বহুজনৰে( Life struggle of 13 years boy) ৷

কৈশোৰ অৱস্থাৰ স্বভাৱসুলভ কাম কৰাৰ পৰিৱৰ্তে ধুবুৰীৰ এজন কিশোৰে আৰম্ভ কৰিছে জীৱন সংগ্ৰাম ৷ কিশোৰজনৰ নাম ছোৱাহান আলী ৷ বয়স মাত্ৰ তেৰ বছৰ । ধুবুৰী চহৰৰ এঘাৰ নম্বৰ ৱাৰ্ডৰ বাহাদুৰটাৰী অঞ্চলত ঘৰ ছোৱাহান আলীৰ ।

আঠ বছৰ পূৰ্বে অৰ্থাৎ প্ৰায় 5 বছৰ মান বয়সত ছোৱাহানে নিজ পিতৃক হেৰুৱায় ৷ তাৰ পাছতেই ছোৱাহানৰ জীৱনে স্বাভাৱিক গতি হেৰুৱায় ৷ ছোৱাহান, মাতৃৰ লগতে পৰিয়ালটোত আৰু আছে 4 জন সদস্য ৷ 6 জনীয়া পৰিয়ালটো পোহপাল দিবলৈ ছোৱাহানৰ মাতৃয়ে আৰম্ভ কৰিবলগীয়া কঠোৰ জীৱন সংগ্ৰাম ৷ ভাত-কাপোৰৰ পৰা পাঁচটাকৈ সন্তানক পঢ়ুৱা পৰ্যন্ত ৷ মাতৃৰ অৱৰ্ণনীয় কষ্ট দেখি পৰিয়ালটোৰ ডাঙৰ ল’ৰা ছোৱাহান আলীয়ে দ্বিতীয় শ্ৰেণীলৈকে অধ্যয়ন কৰিয়েই অৱশেষত শৈক্ষিক জীৱনৰ সামৰণি মাৰিবলগীয়া হয়( Life struggle of 13 years boy of Dhubri) ৷

ছোৱাহানৰ মাতৃয়ে প্ৰতিদিনে বিয়লি ভাগত পিঠাগুৰি প্ৰস্তুত কৰে আৰু সেইখিনিয়েই হাড় কঁপোৱা জাৰকো নেওচি বেচিবলৈ চহৰৰ মাজমজিয়ালৈ ওলাই আহে ছোৱাহানে । ধুবুৰী চহৰৰ বিদ্যাপাৰা অঞ্চলত পদপথত বহি প্ৰতিদিনে ছোৱাহানে বনায় ভাপত দিয়া পিঠা ৷ প্ৰতিদিনে প্ৰায় আঢ়ৈশৰ পৰা তিনিশ পৰ্যন্ত পিঠা বিক্ৰী কৰে ছোৱাহান আলীয়ে । পিঠা বিক্ৰীৰ দ্বাৰা 550 টকাৰ পৰা 600 টকা পৰ্যন্ত উপাৰ্জন কৰে ছোৱাহানে ।

ছোৱাহান আলীৰ সৰু ভনীয়ে উপাৰ্জনৰ তাগিদাত কাহিলীপুৱাতে বিদ্যাপাৰা অঞ্চলৰ নিৰ্দিষ্ট স্থানডোখৰলৈ ওলাই অহা দাদাকক আগবঢ়াই দি থৈ যায় ৷ উল্লেখযোগ্য যে, জীয়াই থকাৰ তাগিদাত নিজে পঢ়াশুনা কৰিব নোৱাৰিলেও নিজৰ কণমানি ভনীয়েকৰ শৈক্ষিক জীৱন আধৰুৱা হ’বলৈ দিয়া নাই ছোৱাহানে । পখিলা খেদা বয়সতেই বিদ্যালয়ৰ আদিপাঠ এৰি জীৱন সংগ্ৰামৰ এক কঠোৰ যুঁজ আৰম্ভ কৰিছে ধুবুৰীৰ এই গৰাকী 13 বছৰীয়া কিশোৰে (Dhubri 13 years boy life struggle)।

বিশ্বায়নৰ ধামখুমীয়াত আধুনিক সমাজ জীৱনৰ পৰা দায়িত্ববোধ, আবেগ-অনুভূতি, মানৱীয় মূল্যবোধ হেৰায় যোৱা বুলি প্ৰায়ে চৰ্চা চলা পৰিলক্ষিত হয় যদিও যান্ত্ৰিকতাৰ এই যুগটো ছোৱাহান আলীৰ দৰে সংগ্ৰামী সত্বাই সুকীয়া জীৱন শৈলীৰে সমাজলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে এক বিশেষ বাৰ্তা ৷

লগতে পঢ়ক:Telangana Cong infighting: কংগ্ৰেছত অন্তঃদ্বন্দ, 13 সদস্যৰ পদত্যাগ

ABOUT THE AUTHOR

...view details