অসম

assam

ETV Bharat / state

ভূত বাংলালৈ পৰিণত এখন আদৰ্শ চিকিৎসালয় - ধুবুৰী বিধানসভা সমষ্টি

দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ অঞ্চলত ইতিমধ্যে এখন আদৰ্শ চিকিৎসালয়ৰ নির্মাণকাৰ্য সম্পন্ন হৈছে । সম্পন্ন হৈছে বিজুলী যোগানৰ লগতে যাৱতীয় সকলো কাম । ইয়াৰোপৰি চিকিৎসালয়ৰ বাহিৰত সংযোগ কৰি ৰখা হৈছে উন্নত মানৰ জেনেৰেটৰো । আনকি চিকিৎসালয়ৰ প্ৰয়োজনীয় চিকিৎসক আৰু কৰ্মচাৰীৰ আৱাসগৃহৰ নির্মাণকাৰ্য ইতিমধ্যে সম্পন্ন হৈছে । যাৰ ফলত যোৱা বৰ্ষৰ মাৰ্চ মাহত কামৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠানে চিকিৎসালয়খন চমজাই দিয়ে বিভাগীয় কৰ্তৃপক্ষক। কিন্তু আজিলৈ নহ’ল শুভাৰম্ভ ৷

Destroyed a model Hospital in Dhubri
ভূত বাংলালৈ পৰিণত এখন আদৰ্শ চিকিৎসালয়

By

Published : Feb 4, 2020, 3:20 AM IST

ধুবুৰী, 3 ফেব্ৰুৱাৰীঃ পুনৰ উদং হ’ল স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপটো ৷ ভূত বাংলাত পৰিণত হ’ল আদৰ্শ চিকিৎসালয় ৷ তৰুণ গগৈ চৰকাৰৰ দিনতে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰত্যেকটো বিধানসভা সমষ্টিৰ বাবে লোৱা হৈছিল এখনকৈ আদৰ্শ চিকিৎসালয় নিৰ্মাণৰ সিদ্ধান্ত ৷ সেইমৰ্মে প্ৰায়ভাগৰেই সম্পূৰ্ণ হৈছিল নিৰ্মাণ কাৰ্য ৷ কিন্তু আজিপৰ্যন্ত শুভাৰম্ভণি নঘটিল এই আদৰ্শ চিকিৎসালয়ৰ একাংশৰ ৷ সেইমৰ্মেই প্ৰায় পাঁচ কোটি ষাঠি লাখ টকা ব্যয় সাপেক্ষে দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ অঞ্চলত ইতিমধ্যে এখন আদৰ্শ চিকিৎসালয়ৰ নির্মাণকাৰ্য সম্পন্ন হৈছে । সম্পন্ন হৈছে বিজুলী যোগানৰ লগতে যাৱতীয় সকলো কাম । ইয়াৰোপৰি চিকিৎসালয়ৰ বাহিৰত সংযোগ কৰি ৰখা হৈছে উন্নত মানৰ জেনেৰেটৰো । আনকি চিকিৎসালয়ৰ প্ৰয়োজনীয় চিকিৎসক আৰু কৰ্মচাৰীৰ আৱাসগৃহৰ নির্মাণকাৰ্য ইতিমধ্যে সম্পন্ন হৈছে । যাৰ ফলত যোৱা বৰ্ষৰ মাৰ্চ মাহত কামৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠানে চিকিৎসালয়খন চমজাই দিয়ে বিভাগীয় কৰ্তৃপক্ষক। কিন্তু আজিলৈ নহ’ল শুভাৰম্ভ ৷

ভূত বাংলালৈ পৰিণত এখন আদৰ্শ চিকিৎসালয়

উল্লেখ্য যে, ফকিৰগঞ্জ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সম্পূৰ্ণৰূপে গ্ৰাস কৰাৰ পিচত এইখন আদৰ্শ চিকিৎসালয়ৰ এখন আৱাসগৃহত চিকিৎসা সেৱা অব্যাহত ৰখা হৈছে। দৰাচলতে যাতায়তৰ ক্ষেত্ৰত পিছ পৰি থকা বৃহত্তৰ দক্ষিণ শালমাৰা সমষ্টিৰ লোকসকলৰ বাবে তেনে কোনো উন্নত চিকিৎসালয় নোহোৱা বাবে একমাত্ৰ ফকিৰগঞ্জ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়েই শেষ ভৰসা। আদৰ্শ চিকিৎসালয় নির্মাণ হোৱাৰ পিছত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছিল সমষ্টিবাসী ৰাইজৰ মাজত। যদিও আদৰ্শ চিকিৎসালয়খন বৰ্তমানলৈকে চৰকাৰে কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত সম্প্ৰতি একপ্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে দক্ষিণ শালমাৰাৰ এইখন আদৰ্শ চিকিৎসালয়।

ভূত বাংলালৈ পৰিণত এখন আদৰ্শ চিকিৎসালয়

উল্লেখযোগ্য যে, কেৱল এয়াই নহয় ধুবুৰী বিধানসভা সমষ্টিকে ধৰি জিলাখনৰ প্ৰতিখন সমষ্টিৰ আদৰ্শ চিকিৎসালয় বৰ্তমান চৰকাৰৰ অৱহেলাৰ ফলত ভূত বাংলাত পৰিণত হৈছে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে গুৰুত্ব প্ৰদান কৰিব নে এইখন চিকিৎসালয়ত, সেয়া হ’ব লক্ষ্যণীয় ৷

আৰু পঢ়কঃমৰিগাঁৱত বেংক লুট : দূৰ্বৃত্তই লুটিলে প্ৰায় ৪০ লাখ টকা

ABOUT THE AUTHOR

...view details