এনআৰচিঃ দেশী ভূমিপুত্ৰসকলৰ নাম বাদ পৰাত ক্ষোভ দেশী জনগোষ্ঠীয় মঞ্চৰ - NRC final list
দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শেখ হেদায়েতুল্লাই দেওবাৰে ধুবুৰীত অনুষ্ঠিত হোৱা এক কৰ্মশালাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এন আৰ চি প্ৰসংগত সন্তুষ্টি প্ৰকাশ কৰে ৷ কিন্তু বুজনসংখ্যক দেশী ভূমিপুত্ৰৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাত দুখ প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ।
ধুবুৰী, 15 ছেপ্তেম্বৰঃ সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছতেই ৰাজ্যত অব্যাহত আছে ৰাজনৈতিক দল-সংগঠনৰ প্ৰতিক্ৰিয়া ৷ এনে সময়তে শণিবাৰে এন আৰ চি উন্নীতকৰণক লৈ দেশী জনগোষ্ঠীয় মঞ্চ অসমে সন্তুষ্টি প্ৰকাশ কৰে ৷ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শেখ হেদায়েতুল্লাই ধুবুৰীত অনুষ্ঠিত হোৱা এক কৰ্মশালাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এন আৰ চি প্ৰসংগত সন্তুষ্টি প্ৰকাশ কৰে ৷ কিন্তু ত্ৰিশ হাজাৰ দেশী ভূমিপুত্ৰৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে সভাপতি গৰাকীয়ে । দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰী সাহিত্য ভৱনত দেশী ভাষাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয় । অনুষ্ঠানত দেশী জনগোষ্ঠীয় মঞ্চৰ জিলা কমিটিৰ সভাপতি ফাতেজুল ইছলাম আৰু সাধাৰণ সম্পাদক তথা আহ্বায়ক এবাদুল্লা শ্বেখৰ উপৰিও দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ সভাপতি শ্বেখ হেদায়েতুল্লাহ আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি পাচু গোপাল চক্ৰৱৰ্তী, দেশী সাহিত্য সভা অসমৰ সভাপতি শিক্ষাবিদ আবুল হাছান শ্বেখ, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ আকবৰ আলী আহমেদৰ লগতে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট সাহিত্যিক কাছেমা খাতুনকে ধৰি কেইবাগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকে । মঞ্চৰ সভাপতি গৰাকীয়ে এই কৰ্মশালাক এক ঐতিহাসিক কৰ্মশালা বুলি দাবী কৰি অবিভক্ত ভাৰতবৰ্ষৰ কমতাপুৰৰ নামনি অঞ্চলত প্ৰথমে এই দেশী ভাষাৰ প্ৰচলন আছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।