পূব বিলাসীপাৰা, 25 আগষ্টঃ দেওবাৰে পুৱা পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰৰ চম্পাৱতী নৈত ওপঙি থকা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মহিলা গৰাকীৰ মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
পূব বিলাসীপাৰাৰ চম্পাৱতী নৈত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মহিলা গৰাকীৰ মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি কোনো দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰি নৈত পেলাই থৈ যায়৷ মহিলাগৰাকীৰ মূখ মণ্ডলত আঘাতৰ চিন স্পষ্টকৈ পৰিলক্ষিত হৈছে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত বইটামাৰী আৰক্ষী উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷