গোলকগঞ্জ, ১৬ জুলাই:মঙলবাৰে গোলকগঞ্জৰ ঝাপুচাবাৰী গাঁৱৰ ৰায়ডাক নৈত এটি শিশুৰ মৃতদেহ উদ্ধাৰ হয় । সোমবাৰে পুৱা গাঁওখনৰ জহিৰুল হকৰ পুত্ৰ মেৰাজুল হক নামৰ দহবছৰীয়া শিশুটি ৰায়ডাক নদীৰ কালভাৰ্টৰ ওপৰত খেলি থাকোতে পানীত পৰি গৈছিল ।পানীৰ কোবাল সোঁতে শিশুটিক উটুৱাই নিয়ে ।
গোলকগঞ্জত শিশুৰ মৃতদেহ উদ্ধাৰ - শিশু
সোমবাৰে পুৱা গাঁওখনৰ জহিৰুল হকৰ পুত্ৰ মেৰাজুল হক নামৰ দহবছৰীয়া শিশুটি ৰায়ডাক নদীৰ কালভাৰ্টৰ ওপৰত খেলি থাকোতে পানীত পৰি গৈছিল ।পানীৰ কোবাল সোঁতে শিশুটিক উটুৱাই নিয়ে ।
গোলকগঞ্জত পানীত উটি যোৱা শিশুৰ মৃতদেহ উদ্ধাৰ
ততাতৈয়াকৈ স্থানীয় ৰাইজে শিশুটিক উদ্ধাৰৰ চেষ্টা চলোৱাৰ লগতে আগমনি আৰক্ষীক খবৰ দিয়ে । সোমবাৰে দুপৰীয়াৰ পৰা এচডিআৰএফে শিশুটিক উদ্ধাৰ অভিযান চলাই যদিও সন্ধিয়া হৈ অহাত উদ্ধাৰ অভিযান সামৰে । ইয়াৰ পাচত আজি পৱা পুনৰ এচডিআৰএফে অভিযান চলাওঁতে শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰে ।