অসম

assam

ETV Bharat / state

ধুবুৰীত গদাধৰ নৈৰ বুকুত সন্ধানহীন শিশুৰ মৃতদেহ উদ্ধাৰ - মৃতদেহ

মঙলবাৰে বিবাহযাত্ৰী নাও আৰু মালবাহী নাৱৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুগৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে সন্ধানহীন হৈ আছিল জাহিদা খাতুন নামৰ শিশুটি ৷

ধুবুৰীত গদাধৰ নৈৰ বুকুত সন্ধানহীন শিশুৰ মৃতদেহ উদ্ধাৰ

By

Published : Apr 11, 2019, 1:11 PM IST

ধুবুৰী , 11 এপ্ৰিল : ধুবুৰীত বৃহস্পতিবাৰে উদ্ধাৰ হয় সন্ধানহীন শিশুৰ মৃতদেহ ৷ মঙলবাৰে নিশা ধুবুৰীৰ গদাধৰ নৈত সংঘটিত হোৱা নাওঁ দুৰ্ঘটনাত নিৰুদ্দেশ হৈছিল জাহিদা খাতুন নামৰ শিশুটি ৷

ধুবুৰীত গদাধৰ নৈৰ বুকুত সন্ধানহীন শিশুৰ মৃতদেহ উদ্ধাৰ

মঙলবাৰে গদাধৰ নৈত বিবাহযাত্ৰী নাও আৰু মালবাহী নাৱৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুগৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে এগৰাকী শিশু সন্ধানহীন হৈ আছিল ৷ এছডিআৰএফৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই ব্যৰ্থ হোৱাৰ দুদিনৰ পাচত আজি পুৱা গদাধৰ নৈৰ বুকুত উফন্দি উঠে জাহিদাৰ মৃতদেহ ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ প্ৰায় দুদিনৰ মূৰত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচত শোকত ভাগি পৰিছে শিশুটিৰ পৰিয়াল ৷

ABOUT THE AUTHOR

...view details