ধুবুৰী, ২০ জুন:বছৰটোৰ দ্বিতীয়টো বানত জুৰুলা সমগ্ৰ ৰাজ্য(Flood situation of Assam) । বানে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ধুবুৰীৰ বিভিন্ন অঞ্চলত(Flood at Dhuburi) । নামনি অসমৰ ধুবুৰীত ক্ৰমান্বয়ে বাঢ়িছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানী । ফলত প্লাৱিত হৈ পৰিছে জিলাখনৰ প্ৰায় ছয় শতাধিক গাঁও । বানৰ কৱলত পৰিছে লক্ষাধিক লোক(Lakhs of people have been affected by floods) ।
ঠিক তেনে সময়তে ধুবুৰী জিলাৰ গদাধৰ নৈৰ ওপৰত থকা সাহেৱগঞ্জ-লালকুৰা সংযোগী কাঠৰ ফুটব্ৰীজৰ প্ৰতি বানে আনিছে চৰম ভাবুকি(Gadadhar river flood affects foot bridge) । কাঠৰ ফুট ব্ৰীজৰ মাজৰ অংশ ভাঙি যোৱাৰ ফলত ওপৰেৰে বৈছে পানী । ফলত যিকোনো মুহূৰ্ততে দলং খন উটি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । বিপদসংকুলভাৱে সাহেবগঞ্জ আৰু লালকুৰা অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে পাৰাপাৰ হৈছে এইখন বিধ্বস্ত দলঙেখনেৰে ।