অসম

assam

By

Published : Nov 21, 2019, 4:58 PM IST

ETV Bharat / state

অসম পৰ্যটনৰ নামত কোটি টকা,কি অৱস্থাত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ !

অসম পৰ্যটনৰ নামত অসম চৰকাৰে ব্যয় কৰিছে কোটি টকা ৷ কিন্তু কি অৱস্থাত আছে ৰাজ্য পৰ্যটন ক্ষেত্ৰসমূহ...

অসমৰ পৰ্যটন ক্ষেত্ৰ

ধুবুৰী, 21 নৱেম্বৰঃ মহবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক ধুবুৰী চহৰ। বহু পুৰণি ৰজাদিনীয়া আৰু ব্ৰিটিছৰ ঐতিহাসিক সম্পদসমূহৰে জিলিকি আছে চহৰখন ৷ এই সম্পদ সমূহৰ ভিতৰত অন্যতম ভিক্টোৰিয়া পাৰ্ক ৷ 1905 চনতে ব্ৰিটেইনৰ পৰা ভাৰতলৈ অনা হৈছিল ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়াৰ দুটাকৈ সম্পূৰ্ণ প্ৰতিমূৰ্তি । ইয়াৰে এটা পুণেত আৰু আনটো প্ৰতিমূৰ্তি ধুবুৰীত প্ৰতিষ্ঠা কৰা হৈছিল ৷ ব্ৰিটিছৰ আমোলত উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে বেপাৰ বাণিজ্য কৰাৰ ক্ষেত্ৰত ধুবুৰী চহৰক বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল ৷ ইয়াৰ ফলস্বৰূপে ধুবুৰী চহৰৰ তেতুলতলাত ১৯০৫ চনত স্থাপন কৰা হৈছিল ৰাণী ভিক্টোৰিয়াৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি । কিন্তু ৰাজ্য চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবে সম্প্ৰতি মৃত্যু মুখলৈ গতি কৰিছে পাৰ্কখন ৷ বছৰৰ প্ৰায় 365 দিনেই তলা ওলমি থাকে পাৰ্কখনত ৷ নিশা হ'লেই পাৰ্কখনত চলে সুৰা আৰু জুৱাৰ আড্ডা ৷

কি অৱস্থাত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ

16শ শতিকাত চহৰখনত স্থাপন হৈছিল পাঁচ পীৰ দৰগাহআৰু শিখ ধৰ্মৰ নৱমগুৰু গুৰু টেগ বাহাদুৰৰ গুৰুদ্বাৰ। ইতিহাসৰ সাক্ষ্য বহন কৰি মহাবাহুৰ পাৰত তেতিয়াৰ যুগৰ পৰাই জিলিকি আছে নেতাই ধুবুনী ঘাট৷ কিন্তু এই সম্পদ সমূহৰ উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নাই পৰ্যটন নিগমৰ ৷ ইমানৰ পাচতো পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য-অসম পৰ্যটনৰ ক্ষেত্ৰখনত আন্তঃগাথনি উন্নয়নৰ কোনো প্ৰয়োজন নাই ৷

লগতে পঢ়কঃ চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী

ABOUT THE AUTHOR

...view details