ধুবুৰী, ১২ মাৰ্চ: ধুবুৰী জিলাত চিআৰপিএফে শেহতীয়াকৈ বিভিন্ন উন্নয়নমূলক কাম সম্পন্ন কৰিছে । বিশেষকৈ চিভিক এক্সন কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়সমূহৰ কেতবোৰ সমস্যা সমাধান কৰাৰ লক্ষ্য স্থিৰ কৰিছে জোৱানসকলে । এই কাৰ্যসূচীৰ অংশ হিচাপে ধুবুৰী চহৰৰ জৱাহৰ উচ্চ হিন্দী বিদ্যালয়ত এটা শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল । শুকুৰবাৰে শৌচাগাৰ উদ্বোধন কৰে ৪৮ নং চিআৰপিএফৰ উপ-কমাণ্ডেন্ট নীৰ সিঙে ।
এই উদ্বোধনী অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । উল্লেখ্য যে, বিভিন্ন বিদ্যালয়ৰ সৰু সৰু সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই চিভিক এক্সন কাৰ্যসূচী আৰম্ভ কৰিছে চিআৰপিএফে । খেলৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিবলৈ এ এম কো ৰোডৰ হাজাৰী গাঁৱত ভলীবল খেলুৱৈসকলৰ বাবে ভলীবলৰ এখন স্থায়ী খেলপথাৰ নিৰ্মাণ কৰিছে চিআৰপিএফে । চিভিক এক্সন কাৰ্যসূচীৰ অধীনত বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নতুনকৈ খেলপথাৰ নিৰ্মাণ কৰা হৈছে ।