ধুবুৰী,16 জুলাইঃ ধুবুৰীত অসম-বাংলাদেশ সীমান্তৰ সিপাৰে অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ বিষখোৱাত সীমান্তৰ কাটা তাঁৰ পোৱাৰ পূৰ্বে পাঁচটাকৈ গৰু জব্দ কৰিলে ৰাইজে ৷ নিশা প্ৰায় দুই বজাত ৰাখালপাট হৈ বিষখোৱা যোৱাৰ পথত ৰাইজে জব্দ কৰিলে এই গৰু পাঁচটা ৷ এই গৰু পাঁচটাৰ সৈতে ৰাইজে আটক কৰে সাহাদাদ আলী নামৰ গৰুৰ চোৰাং সৰবৰাহকাৰীটোক ৷ কেৱল আটক কৰাই নহয় সাহাদাদ আলীয়ে ব্যৱহাৰ কৰা মটৰ চাইকেলখন জ্বলাই দিয়ে উত্তেজিত ৰাইজে ৷
অসম-বাংলাদেশ সীমান্তত ৰাইজে জ্বলালে গৰু চোৰৰ বাইক - গোলকগঞ্জৰ দক্ষিণ টোকৰেৰছাৰা
বুধবাৰে নিশা বিষখোৱাত কাটা তাঁৰ পাৰ কৰিবলৈ লওঁতেই পাঁচটা গৰুসহ এটা গৰু সৰবৰাহকাৰীক আটক কৰে স্থানীয় ৰাইজে ৷ লগতে গৰু সৰবৰাহকাৰীটোৱে ব্যৱহাৰ কৰা মটৰ চাইকেলখনো জ্বলাই দিয়ে বিষখোৱাৰ ৰাইজে ৷ ইফালে অন্ধকাৰৰ সুযোগ বুজি পলায়ন কৰে আন তিনিটা গৰু সৰবৰাহকাৰী ৷
![অসম-বাংলাদেশ সীমান্তত ৰাইজে জ্বলালে গৰু চোৰৰ বাইক cow thief arrested at Golakganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8045451-thumbnail-3x2-a.jpg)
অসম-বাংলাদেশ সীমান্তত ৰাইজে জ্বলালে গৰু চোৰৰ বাইক
অসম-বাংলাদেশ সীমান্তত ৰাইজে জ্বলালে গৰু চোৰৰ বাইক
ইফালে অন্ধকাৰৰ সুযোগ বুজি পলায়ন কৰে আন তিনিটা গৰু সৰবৰাহকাৰী ৷ জানিব পৰা মতে, আটকাধীন সাহাদাদ আলীৰ ঘৰ গোলকগঞ্জৰ দক্ষিণ টোকৰেৰছাৰাত ৷ পিছত ৰাইজে পাঁচটা গৰু সহ গৰু সৰবাৰহকাৰীটোক গটালে গোলকগঞ্জ আৰক্ষীক ৷