ধুবুৰী,29 জুলাই: বৰ্তমানেও ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্ত লৈ জাকে জাকে গৰু ৰাষ্ট্ৰীয় পথেৰে সৰবৰাহ হয় ৷ অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ,গোসাঁইগাঁও হৈ ধুবুৰী লৈ যোৱা হয় গৰুসমূহ ৷ এই অবৈধ সৰবৰবাহ নিশাৰ ভাগত নহয় দিনৰ পোহৰতে চলে ৷ যি সময়ত অসম চৰকাৰৰ আৰক্ষী বিভাগে অবৈধ গৰু সৰবৰাহ আৰু ছিণ্ডিকেট চক্ৰক মষিমূৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে তেনে সময়ত একাংশ ব্যৱসায়ী বংগৰ পৰা গৰু ক্ৰয় কৰা দেখুৱাই জাকে জাকে গৰু গোসাঁইগাঁও,তুলসীবিল,চিঠিলা,নয়াহাট,বিলাসীপাৰা,তামাৰহাট,পাগলাহাট,মটৰঝাৰ হৈ ধুবুৰী জিলাৰ বিভিন্ন গোপন ঠাইলৈ নিয়ে ৷
অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰৰ পৰা অবৈধ গৰু সৰবৰাহ!! - ETV BHARAT
ৰাজ্যখনত চলি থকা গৰুৰ ছিণ্ডিকেট আৰু অবৈধ গৰুৰ বেহা বন্ধ কৰিবলৈ চৰকাৰ খনে চেষ্টা চলাই থকাৰ সময়তো কিন্তু প্ৰকৃততে অবৈধ গৰুৰ বেহা বন্ধ হোৱা নাই৷
উক্ত গৰু সমূহ চোৰাং পথেৰে ভাৰত বাংলাদেশ লৈ নিয়া হয় ৷ দিনৰ ভাগত জাকে জাকে গৰু সমূহ শ্ৰীৰামপুৰৰ পৰা 31 নং(গ) ৰাষ্ট্ৰীয় পথেৰে নিয়া হয় ৷ য'ত গৰু সমূহৰ তেনে কোনো নিৰ্দিষ্ট তথ্য পাতি নাথাকে ৷ গোসাঁইগাঁৱৰ বিভিন্ন গো হাটৰ পৰা ভুৱা ৰচিদ তৈয়াৰ কৰি গৰু সমূহ সৰবৰাহ কৰি আহিছে যদিও এই গৰু বেহা বন্ধ কৰাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসনো ৷ একো একোজন লোকে 30-40 টাকৈ গৰু ক্ৰয় কৰা দেখুৱায় যদিও সেই গৰু সমূহ আন কোনো ঠাইত নোলোৱাকৈ ধুবুৰী লৈ নিয়াৰ দৃশ্যই গৰুৰ ছিণ্ডিকেট আৰু অবৈধ বেহা প্ৰমাণিত কৰিছে ৷ এই গৰু সমূহ বংগৰ বাৰভিশাৰ পৰা অনা হয় আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ হাতত নাই কোনো ৰচিদ আৰু উপযুক্ত তথ্য ৷ একো একোজন শ্ৰমিকক নিৰ্দিষ্ট হাৰত ধন দি গৰু সমূহ নিয়া হয় ৷
বহিঃৰাজ্যৰ গৰু সমূহ ট্ৰাক যোগে বংগৰ অলিপুৰদুৱাৰ জিলাৰ শামুকতলা,পাকৰিগুৰি আদি ঠাইত নমাই ৰাষ্ট্ৰীয় পথেৰে খোজ কঢ়াই লৈ যোৱা হয় ৷ নিতৌ শ শ গৰু এনেদৰে গোসাঁইগাঁৱৰ বিভিন্ন পথেৰে ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তত সৰবৰাহ কৰি আহিছে যদিও সেই সকল গৰু ব্যৱসায়ীক নাকি লগাব পৰা নাই অসম আৰক্ষীয়ে ৷