অসম

assam

ETV Bharat / state

মানকাচৰৰ ভাৰত বাংলা সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা

দক্ষিণ শালমাৰা মানকাচৰৰ ভাৰত বাংলা সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা । পুনৰ বি এছ এফৰ জালত পৰিল আঠটাকৈ চোৰাং গৰু সহ দুটা চোৰাং সৰবৰাহকাৰী ।

মানকাচৰৰ ভাৰত বাংলা সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা

By

Published : Aug 22, 2019, 10:37 PM IST

ধুবুৰী, 22 আগষ্টঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তই দি অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । বি এছ এফৰ অভিযানত আঠটাকৈ চোৰাং গৰু সহ আটক দুই সৰবৰাহকাৰী । সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি মানকাচৰ ভাৰত-বাংলা সীমান্তৰে একাংশ চোৰাং বেপাৰীয়ে বাংলাদেশলৈ চলাই গৈছে চোৰাং গৰুৰ বেহা ।

মানকাচৰৰ ভাৰত বাংলা সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা

আনহাতে ভাৰত-বাংলা সীমান্তৰ শিশুমাৰা বি ও পিৰ ৬ নং বি এন বি এছ এফৰ কৰ্তব্যৰত বি এছ এফ জোৱানে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ৮ টাকৈ চোৰাং গৰু সহ দুটা চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । বাংলাদেশলৈ গৰুৰ চোৰাং চালান দিবলৈ লওঁতেই আটক হোৱা সৰবৰাহকাৰী দুটা মুলুক চান্দ আৰু আশাফুল আলী বুলি জানিব পৰা গৈছে। সীমান্ত সুৰক্ষা বাহিনীয়ে ৮ টা গৰু সহ আটক সৰবৰাহকাৰী দুটাক ইতিমধ্যে খাৰুৱা বান্ধা আৰক্ষীৰ হাতত গতাই দি এজাহাৰ দাখিল কৰিছে।

ABOUT THE AUTHOR

...view details