ধুবুৰী, 13 মে': ভাৰত বাংলাদেশ সীমান্তৰ হাটশিঙীমাৰীত গ্ৰেপ্তাৰ কৰা হয় এজন গৰু সৰবৰাহকাৰী । দক্ষিণ শালমাৰাৰ মানকাচাৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ সমীপৱৰ্তী ভাৰত বাংলাদেশ সীমান্তৰ অসমৰ আলগা সীমান্ত সুৰক্ষা বাহিনীয়ে সোমবাৰে নিশা আটক কৰে এজন চোৰাং গৰু সৰবৰাহকাৰী ৷ গ্ৰেপ্তাৰ হোৱা গৰু সৰবৰাহকাৰীজন হাজিৰ হাট বৰোবালোৰচৰ গাওঁৰ আব্দুল খালেকৰ পুত্ৰ মোজ্জাম্মিল হক ৷
ভাৰত বাংলাদেশ সীমান্তৰ হাটশিঙীমাৰীত গ্ৰেপ্তাৰ গৰু সৰবৰাহকাৰী - etv bharat
সীমান্ত সুৰক্ষা বাহিনীয়ে পহৰা দি থকাৰ সময়তে গৰু সৰবৰাহকাৰীজনক সীমান্তৰ কাইটীয়াতাঁৰ পাৰ কৰি উভতি অহাৰ সময়তেই আটক কৰে সুৰক্ষা বাহিনীয়ে
ভাৰত বাংলাদেশ সীমান্তৰ হাটশিঙীমাৰীত গ্ৰেপ্তাৰ গৰু সৰবৰাহকাৰী
দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত খাৰুৱা বান্ধা আৰক্ষী চকী এলেকাৰ ভাৰত বাংলাদেশ সীমান্ত আসমৰ আলগা কেম্পৰ টহলদাৰী সীমান্ত বাহিনীয়ে পহৰা দি থকা সময়ত মোজ্জাম্মিল হকক সীমান্তৰ কাইটীয়াতাৰ পাৰ কৰি উভতি অহাৰ সময়তেই আটক কৰে সুৰক্ষা বাহিনীয়ে ।
আনহাতে, গৰু সৰবৰাহকাৰী মোজ্জাম্মিল হকক খাৰুৱা বান্ধা আৰক্ষীক গতাই দি এখন এজাহাৰ দাখিল কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ পৰৱৰ্তী সময়ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি পঞ্জীয়ন কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে গৰু সৰবৰাহকাৰী হকক ৷