ধুবুৰী, 23 ফেব্ৰুৱাৰী : ৰাজ্যত পুনৰ আৰম্ভ হৈছে কৰ‘ণাৰ ত্ৰাস ৷ এইবাৰ মানকাচৰৰ এজনৰ দেহত ধৰা পৰিল ক‘ৰণা ভাইৰাছৰ অৱস্থিতি । মেঘালয়ৰ ৰংজেঙত মিস্ত্ৰী হিচাপে কৰ্মৰত লোকজন । ক‘ভিড-১৯ত আক্ৰান্ত লোকজনৰ নাম আমিৰ হুছেইন । এক সপ্তাহ পূৰ্বে মেঘালয়ৰ পৰা মানকাচৰৰ কুকুৰমাৰা লৈ আহিছিল মিস্ত্ৰী জন ।
মানকাচৰত এজনৰ দেহত ক'ভিড পজিটিভ - হোম কোৱাৰেণ্টাইন
ৰাজ্যত পুনৰ আৰম্ভ হৈছে কৰ‘ণাৰ ত্ৰাস ৷ এইবাৰ মানকাচৰৰ এজনৰ দেহত ধৰা পৰিল ক‘ৰণা ভাইৰাছৰ অৱস্থিতি ।
![মানকাচৰত এজনৰ দেহত ক'ভিড পজিটিভ covid19-positive found in dhuberi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10743026-thumbnail-3x2-coerona.jpg)
মানকাচৰত এজনৰ দেহত ক'ভিড পজিটিভ
মঙলবাৰে পুনৰ মেঘালয়লৈ যোৱাৰ সময়ত ক‘ভিড পজিটিভ ধৰা পৰে লোকজনৰ দেহত । বৰ্তমান লোকজনক হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছে । মানকাচৰৰ কুকুৰমাৰাত ঘৰ কৰ‘ণাত আক্ৰান্ত লোকজনৰ ।