ধুবুৰী,১২ এপ্ৰিল:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীতো বৃদ্ধি পাইছে মহামাৰী কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ ধুবুৰী জিলাত সোমবাৰে নতুনকৈ পুনৰ ৮ জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ৰ অৱস্থিতি ৷ ফলত ধুবুৰীত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে ৷ উল্লেখ্য যে, পূৰ্বে জিলাখনত ১১ জন লোকৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ ৰ অৱস্থিতি ৷
আনহাতে, ৰাজ্য চৰকাৰে প্ৰতিদিনে এক লাখ লোকৰ ৰেপিড এণ্টিজেন টেষ্ট আৰু আৰটিপিচিআৰ টেষ্ট কৰাৰ এক জাননী জাৰি কৰিছিল ৷ যাৰ ফলশ্ৰুতিত ধুবুৰীৰ বিভিন্ন স্থানতো দেওবাৰৰ পৰা আৰম্ভ হৈছে ক’ভিড টেষ্ট ৷ জিলা স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি ধুবুৰী নগৰীয়া স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কেন্দ্ৰত ১১২ জন, ধুবুৰী অসামৰিক চিকিৎসালয়ত ১৯৭ জন, হালাকুৰাত ৫৩৫ জন, গোলকগঞ্জত ৮৫৩ জন, চাপৰত ৭১০ জন, ৰাণীগঞ্জত ৬১৬ জন, ধৰ্মশালাত ৯১২ জনক ক’ভিড টেষ্ট কৰাৰ বিপৰীতে দক্ষিণ শালমাৰাতো ১৬৯৪ জন লোকক ক’ভিড টেষ্ট কৰোৱা হৈছে ।
ধুবুৰীত সোমবাৰৰ দিনটোতেই মুঠ ৫,৬২৯ জন লোকক ক’ভিড টেষ্ট কৰা হয় । ইয়াৰে ৮ জন লোকৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি লাভ কৰে স্বাস্থ্য বিভাগে । ফলত জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে ।