অসম

assam

ETV Bharat / state

চাপৰ প্ৰাথমিক চিকিৎসালয়ত ক'ভিড ভেকচিন কেন্দ্ৰ মুকলি - আশাকৰ্মী

চাপৰ প্ৰাথমিক চিকিৎসালয়ত ক'ভিড ভেকচিন কেন্দ্ৰ মুকলি । ভেকচিন কেন্দ্ৰটোৰ প্ৰথম ভেকচিন গ্ৰহণ কৰে চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া হুছেইন আলী আহমেদে ।

covid-vacine-center-open-in-chapar
চাপৰ প্ৰাথমিক চিকিৎসালয়ত ক'ভিড ভেকচিন কেন্দ্ৰ মুকলি

By

Published : Jan 25, 2021, 7:33 PM IST

পূৱ বিলাসীপাৰা, 25 জানুৱাৰী :সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমৰ পূৱ বিলাসীপাৰাৰ চাপৰ প্ৰাথমিক চিকিৎসালয়ত ক'ভিড ভেকচিন কেন্দ্ৰ মুকলি । ভেকচিন কেন্দ্ৰটোৰ প্ৰথম ভেকচিন গ্ৰহণ কৰে চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া হুছেইন আলী আহমেদে । চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ প্ৰায় ৮০০ স্বাস্থ্যকৰ্মীয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব এই ভেকচিন । প্ৰতিদিনে 100 গৰাকী স্বাস্থ্যকৰ্মীক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে চিকিৎসালয়খনে ।

চাপৰ প্ৰাথমিক চিকিৎসালয়ত ক'ভিড ভেকচিন কেন্দ্ৰ মুকলি

কেন্দ্ৰটোত চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক কৰ্মীৰ লগতে আশাকৰ্মী সকলোকো প্ৰতিষেধক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে । আনহাতে, ক'ভিড ভেকচিন গ্ৰহণ কৰি নিজকে গৌৰান্বিত অনুভৱ কৰে চিকিৎসক কৰ্মীসকলে ।

লগতে পঢ়ক : বেলতলাৰ জামে মছজিদত প্ৰৱেশ কৰা কোন এই 15 জনীয়া দুৰ্বৃত্ত ?

ABOUT THE AUTHOR

...view details