অসম

assam

ETV Bharat / state

পূৱ বিলাসীপাৰাত নতুনকৈ তিনিজনৰ দেহত কৰ'ণা পজিটিভ - আকান্ত লোক

আক্ৰান্ত আটাইকেইজন লোক কোৱাৰেন্টাইন চেন্টাৰত আছিল ৷ বৰ্তমান ধুবুৰী কৰ’ণা আক্ৰান্ত ক্ষেত্ৰত কামৰূপ মহানগৰৰ পাচতেই দ্বিতীয় স্থানত আছে ৷

পূৱ বিলাসীপাৰাত নতুনকৈ তিনিজনৰ দেহত কৰ'ণা পজিটিভ
পূৱ বিলাসীপাৰাত নতুনকৈ তিনিজনৰ দেহত কৰ'ণা পজিটিভ

By

Published : Jul 13, 2020, 12:36 AM IST

পূৱ বিলাসীপাৰা, 12 জুলাইঃ পূৱ বিলাসীপাৰাৰ চাপৰত দেওবাৰে সন্ধিয়া পুনৰ তিনিজন লোকৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ লোক কেইজনৰ নাম ক্ৰমে গোবিন্দ সূত্ৰধৰ, চিৰোলা মুণ্ডা আৰু ছানোৱাৰ হুছেইন ।

গোবিন্দ সূত্ৰধৰ আৰু চিৰোলা মুণ্ডা ৰঙামাটি কোৱাৰেন্টাইন চেন্টাৰত থকাৰ বিপৰীতে ছানোৱাৰ হুছেইন সম্প্ৰতি ছাগলীয়া কোৱাৰেন্টাইন চেন্টাৰত আছিল ৷

উল্লেখ্য যে, বৰ্তমান কৰ’ণা আক্ৰান্তৰ ক্ষেত্ৰত কামৰূপ মহানগৰৰ পাচতেই দ্বিতীয় স্থানত আছে ধুবুৰী ৷ বৰ্তমানলৈ জিলাখনত আক্ৰান্তৰ সংখ্যা হৈছে 490 গৰাকী ৷

ইপিনে অসমত আক্ৰান্ত হৈছে মুঠ 16071 গৰাকী লোক ৷ মুঠ মৃতকৰ সংখ্যা 37 গৰাকীলৈ বৃদ্ধি হৈছে ৷

লগতে পঢ়কঃবিশ্বৰ ভিন্ন প্ৰান্তত কৰ'ণা মহামাৰীৰ শেহতীয়া খবৰ

ABOUT THE AUTHOR

...view details