অসম

assam

ETV Bharat / state

ধুবুৰীত ক'ভিড ৰোগীৰ সংখ্যা ২০১ জনলৈ বৃদ্ধি

ধুবুৰী জিলাত ভয়ানক ভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ 24 ঘণ্টাত জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা হ’ল 41 গৰাকী ৷

ধুবুৰীত ক'ভিড ৰোগীৰ সংখ্যা ২০১ জনলৈ বৃদ্ধি
ধুবুৰীত ক'ভিড ৰোগীৰ সংখ্যা ২০১ জনলৈ বৃদ্ধি

By

Published : Apr 27, 2021, 10:33 PM IST

ধুবুৰী, 27 এপ্ৰিল :ধুবুৰী জিলাত কোভিড আক্ৰান্তৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পাইছে । জিলাখনত যোৱা 24 ঘণ্টাত ১৬৮৮ গৰাকী লোকক ৰেপিড এণ্টিজেণ্ট পৰীক্ষা কৰাৰ ফলত ৪০ গৰাকী দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় ৷ লগতে ৪১ গৰাকীক আৰটিপিচিআৰ পৰীক্ষাত ৩ গৰাকী দেহত ক'ৰণাৰ উপস্থিতি পোৱা যায়।

ধুবুৰীত ক'ভিড ৰোগীৰ সংখ্যা ২০১ জনলৈ বৃদ্ধি

ইয়াৰ লগে লগে জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা ২০১ গৰাকী লৈ বৃদ্ধি পায় । উল্লেখ্য যে, ধুবুৰী চহৰ খনৰ ২ নং ৱাৰ্ডৰ "ৰঙলী" নামৰ এপাৰ্টমেণ্টৰ সাত গৰাকীকৈ আৱাসীৰ দেহত ক'ভিড-১৯ অৱস্থিতি ধৰা পৰে ৷

বৰ্তমান জিলাখনত ১০ গৰাকী ক'ৰণা ৰোগী সুস্থহৈ উঠিছে । মন কৰিবলগীয়া যে প্ৰশাসনে আজিৰ পৰা নৈশ সান্ধ্য অইন জাৰি কৰাৰ পাচতে নিশা আঠ বজাৰ লগে লগে এক প্ৰকাৰ জনশূন্য হৈ পৰে ধুবুৰী জিলাৰ সদৰ চহৰৰ লগতে প্ৰতিটো ৰাজপথ ।

লগতে পঢ়ক: ৰূপহীহাট আৰক্ষীৰ জালত আইপিএলৰ জুৱাৰী

ABOUT THE AUTHOR

...view details