ধুবুৰী,20 এপ্ৰিল: ক'ভিড সংক্ৰমণৰ মাজতে সোমবাৰে ধুবুৰীত অনুষ্ঠিত হয় মহা অশোকাষ্টমী পূজা ৷ ধুবুৰী জিলা প্ৰশাসনে বান্ধি দিয়া কঠোৰ নিয়মাৱলীৰ মাজতে ধৰ্মীয় ৰীতি-নীতিৰে অনুষ্ঠিত কৰা অশোকাষ্টমীৰ পৱিত্ৰ স্নান পৰ্বৰ প্ৰাক-মূহূৰ্তত ভক্ত সকলৰ বাবে বাধ্যতামূলক কৰা হৈছিল ক'ভিড পৰীক্ষা ৷
জিলা প্ৰশাসনে স্নানস্থলীৰ ওচৰত তিনিখনকৈ পাৰঘাটত পাঁচটাকৈ অস্থায়ী ক'ভিড পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি ভক্তসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ এই শিবিৰতে এগৰাকী মহিলা ভক্তৰ দেহত ধৰা পৰে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ আগমণিৰ ঝাশকাল অঞ্চলৰ কল্পনা ৰায় নামৰ মহিলাগৰাকীৰ দেহত ক'ৰণাৰ উপস্থিতি ধৰা পৰাৰ পাচতে সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ ৷