ধুবুৰী, 23 এপ্ৰিল :নামনি অসমৰ ধুবুৰী জিলাত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা । প্ৰতিদিনে দুগুণ হাৰত কৰ’ণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত ৰাইজৰ মাজত এক প্ৰকাৰ আতংকই বিৰাজ কৰিছে । শুকুৰবাৰৰ দিনটোত জিলাখনত নতুনকৈ 19 জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি ৷ জিলা স্বাস্থ্য বিভাগে সদৰী কৰে এই তথ্য ।
বাতৰি লিখা পাৰলৈকে জিলাখনত শতকৰ ঘৰ অতিক্ৰম কৰি মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১০৩ জনলৈ বৃদ্ধি পায় । আন আন জিলাৰ সমান্তৰালকৈ ধুবুৰী জিলাত কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা ঘটনাত চিন্তিত হৈ পৰিছে সচেতন মহল ।