অসম

assam

ETV Bharat / state

ক’ভিডক লৈ কঠোৰ হৈছে বিলাসীপাৰা আৰক্ষী - ক’ৰণা সংক্ৰমণ

বিলাসীপাৰাৰ ভিন্ন প্ৰান্তত অনুভাষ যন্ত্ৰযোগে দেওবাৰে নিশা ক’ৰণাৰ সতৰ্কতা জাৰি কৰে আৰক্ষীয়ে ৷ মাস্ক পৰিধান নকৰিলে 1,000 টকা জৰিমণা বিহা হ’ব বুলি ঘোষণা কৰে বিলাসীপাৰা আৰক্ষীয়ে ৷

covid awareness
ক’ৰণাৰ সতৰ্কতা জাৰি

By

Published : Apr 19, 2021, 9:48 AM IST

পশ্চিম বিলাসীপাৰা,19 এপ্ৰিল : ক’ৰণাৰ দ্বিতীয় ঢৌৱে পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে ৷ ইয়াৰ সমান্তৰালকৈ দেওবাৰে বিলাসীপাৰাতো এগৰাকীৰ দেহত ধৰা পৰিছে ক’ৰণাৰ অৱস্থিতি ৷ ইতিমধ্যে বিলাসীপাৰাত 10 গৰাকীলৈ বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্তৰ সংখ্যা ৷

ক’ৰণাৰ সতৰ্কতা জাৰি

ক’ৰণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অন্য প্ৰান্তৰ লেখীয়াকৈ বিলাসীপাৰাতো অধিক সাৱধানতা অৱলম্বন কৰিবলৈ সকলো ৰাইজক আহ্বান জনাইছে বিলাসীপাৰা আৰক্ষীয়ে ৷ সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মুখত মাস্ক পৰিধান কৰিবলৈ নিশাৰ ভাগত অনুভাষ যন্ত্ৰযোগে ৰাইজক সতৰ্ক কৰি দিয়ে আৰক্ষীয়ে ৷ মাস্ক পৰিধান কৰক অন্যথা 1,000 টকা জৰিমনা বিহা হ’ব । ক’ৰণা বিধি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিলাসীপাৰা আৰক্ষী প্ৰশাসন ।

লগতে পঢ়ক :শুকাইছে চিয়াং লালীৰ বুকু : উদ্বিগ্ন নৈপৰীয়া

ABOUT THE AUTHOR

...view details