অসম

assam

ETV Bharat / state

গণ সংক্ৰমণৰ দিশে ধুবুৰী জিলা - কোৱাৰেন্টাইন

বৃহস্পতিবাৰে পুনৰ জিলাখনত ৰেপিড এন্টিজেন টেষ্টৰ অন্তত 65 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে ৷ ইয়াৰে ভিতৰত 2 গৰাকী আশাকৰ্মী থকা বুলিও জানিব পৰা গৈছে ৷

COVID-19 RANDAM TEST IN ASSAM DHUBURI
গণ সংক্ৰমণৰ দিশে ধুবুৰী জিলা

By

Published : Jul 30, 2020, 10:22 PM IST

ধুবুৰী,30 জুলাই :ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে ধুবুৰী জিলাতো কৰ'ণাই গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ৰেপিড এন্টিজেন টেষ্টৰ ব্য়বস্থা কৰিছে ৷

গণ সংক্ৰমণৰ দিশে ধুবুৰী জিলা

বৃহস্পতিবাৰে পুনৰ জিলাখনত ৰেপিড এন্টিজেন টেষ্টৰ অন্তত 65 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে ৷ ইয়াৰে ভিতৰত 2 গৰাকী আশাকৰ্মী থকা বুলিও জানিব পৰা গৈছে ৷

উল্লেখ্য় যে,জিলাখনত বৃহস্পতিবাৰলৈ 1032 জন লোক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে । ইয়াৰে 665 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে । বৰ্তমানে জিলাখনত ক'ভিড-19 ত আক্ৰান্ত হোৱা 367 গৰাকী লোকৰ চিকিৎসা সেৱা চলি থকা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ।

ইপিনে,বৃহস্পতিবাৰে কৰ'ণা আক্ৰান্তৰ সন্দেহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা 350 গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰা হয় । আনপিনে জিলাখনৰ মুঠ 8 টা কেন্দ্ৰত বৰ্তমানলৈকে 100 জন লোকক কোৱাৰেন্টাইনত ৰখা হৈছে । জানিব পৰা মতে,বৃহস্পতিবাৰলৈ জিলাখনত প্ৰায় চল্লিশ হাজাৰ লোকৰ নমুনা সংগ্ৰহ কৰি ক'ভিড পৰীক্ষা কৰা হৈছে । ইয়াৰে, 1032 জনৰ দেহত ক'ভিড-19 পজিটিভ ধৰা পৰিছে ।

লগতে পঢ়ক : বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ আমছুৰ ৰেজাউল কৰিম সৰকাৰৰ

ABOUT THE AUTHOR

...view details