অসম

assam

By

Published : Jul 2, 2020, 11:04 AM IST

ETV Bharat / state

পূৱ বিলাসীপাৰাত পুনৰ 4জনৰ দেহত কোভিড-19ৰ উপস্থিতি

পূৱ বিলাসীপাৰাত দুগৰাকীকৈ MPW আৰু দুগৰাকী ডাটা এন্ট্ৰি অপাৰেটৰ আক্ৰান্ত হৈছে কোভিড-19ত ৷ চাৰিওজন ৰঙামাটিস্থিত কোৱাৰেন্টাইন চেন্টাৰত কৰ্মৰত আছিল ৷

covid-19-positive0-case_east-bilashipara
পূৱ বিলাসীপাৰাত পুনৰ 4জনৰ দেহত কোভিড-19ৰ উপস্থিতি

পূৱ বিলাসীপাৰা, ২ জুলাই:পূৱ বিলাসীপাৰাৰ চাপৰত গণ সংক্ৰমণৰ দিশে মহামাৰী কৰোনা৷ একেটা দিনতে দুগৰাকীকৈ MPW স্বাস্থ্যকৰ্মী আৰু দুগৰাকী ডাটা এন্ট্ৰি অপাৰেটৰৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । ২৮ জুনত MPWৰ এজন কৰ্মচাৰী মহামাৰী কৰ'ণাত আক্ৰান্ত হোৱাৰ পাছতে আন চাৰি গৰাকী কৰ্মচাৰীৰ স্বাৱ পৰীক্ষা কৰা হৈছিল ৷ 1জুলাইত এই চাৰিজনৰ পৰীক্ষাৰ ফলাফল পজিটিভ পোৱাৰ পাছতেই আতংকিত হৈ পৰিছিল অঞ্চলবাসী ৷ ইয়াৰে দুজন ৰাণীগঞ্জ চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী আছিল ৷ চাৰিওজনৰ কোনো ভ্ৰমণ ইতিহাস নাছিল যদিও আটাইকেইজন চাপৰৰ ৰঙামাটিস্থিত কোৱাৰেন্টাইন চেন্টাৰত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷

পূৱ বিলাসীপাৰাত পুনৰ 4জনৰ দেহত কোভিড-19ৰ উপস্থিতি

ABOUT THE AUTHOR

...view details