পশ্চিম বিলাসীপাৰা, 2 জুনঃ মঙলবাৰে দুপৰীয়া বিলাসীপাৰাত উপস্থিত হয় স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ বিলাসীপাৰাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে Covid-19ত আক্ৰান্তৰ বাবে এখন Covid-19 চিকিৎসালয় মুকলি কৰে ৷ বিলাসীপাৰা (দ্বিপৰকুটি) মহকুমা অসামৰিক চিকিৎসালয়খনত ৭০ খন বিছনাযুক্ত Covid-19 চিকিৎসালয় মুকলি কৰে মন্ত্ৰী শৰ্মাই ৷ অৱশ্যে Covid-19ত আক্ৰান্ত হোৱা অধিক জটিল ৰোগীসকলক ৰখাৰ ব্যৱস্থা এই চিকিৎসালয়খনত নাই বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
বিলাসীপাৰাত ৭০ খন বিছনাযুক্ত covid 19 চিকিৎসালয় মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - বিলাসীপাৰা (দ্বিপৰকুটি) মহকুমা অসামৰিক চিকিৎসালয়
বিলাসীপাৰা (দ্বিপৰকুটি) মহকুমা অসামৰিক চিকিৎসালয়খনত ৭০ খন বিছনাযুক্ত Covid-19 চিকিৎসালয় মুকলি কৰে মন্ত্ৰী শৰ্মাই ৷

বিলাসীপাৰাত ৭০ খন বিছনাযুক্ত covid 19 চিকিৎসালয় মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বিলাসীপাৰাত ৭০ খন বিছনাযুক্ত covid 19 চিকিৎসালয় মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
স্বাস্থ্য বিভাগৰ পৰিকল্পনা অনুসৰি কোৱাৰেন্টাইন কেন্দ্ৰৰ সংখ্যা কমোৱাৰ উদ্দেশ্যে অহা তিনি দিনৰ ভিতৰত কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোকসকলৰ Swab ৰ নমুনা পৰীক্ষা শেষ কৰা হ'ব ৷ এই পৰ্যন্ত ধুবুৰী জিলাত ১০০০ নমুনা পৰীক্ষা কৰিলে শতকৰা ৫ জনৰ শৰীৰত Covid-19ৰ উপস্থিতি পোৱা গৈছে ৷
লগত চাওকঃ ৰাণীত বন্যহস্তীৰ আক্রমণত আহত এগৰাকী লোক