অসম

assam

Double murder case: নৃশংস ! বৰ্বৰ ! শোৱাপাটীতে দম্পতীক চোকা অস্ত্ৰেৰে হানি-খুচি হত্যা

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 3:39 PM IST

বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। শোৱাপাটীত নিৰ্মমভাৱে হত্যা কৰিলে স্বামী-স্ত্ৰীক। বিলাসীপাৰাৰ ৰাণীগঞ্জৰ কুৰ্শাকাটী গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ হৈছে এই ডাবল মাৰ্ডাৰৰ ঘটনা।

Double murder case
শোৱাপাটীতে দম্পতীক চোকা অস্ত্ৰেৰে হানি খুচি হত্যা

শোৱাপাটীতে দম্পতীক চোকা অস্ত্ৰেৰে হানি খুচি হত্যা

বিলাসীপাৰা, 27 আগষ্ট : অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে বিলাসীপাৰা ৷ বিলাসীপাৰাত সংঘটিত হৈছে ধাৰাবাহিক হত্যাকাণ্ডৰ ঘটনা। দুৰ্বৃত্তক দমনত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিলাসীপাৰা আৰক্ষী প্ৰশাসন।

ৰাজ্য জোকাৰি যোৱা বাছেৰ আলী হত্যাকাণ্ডৰ পিচত এইবাৰ দুৰ্বৃত্তৰ টাৰ্গেট হ’ল এহাল স্বামী-স্ত্ৰী। সাপটগ্ৰাম থানাৰ ৰাণীগঞ্জৰ কুৰ্শাকাটী গাঁৱত শোৱাপাটীতেই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰে শ্বাহজালাল সেখ আৰু পত্নী নাৰ্জিনা বেগমক। দম্পতীটোক হত্যাৰ পিচতেই সমগ্ৰ বিলাসীপাৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰামতে, যোৱা 26 তাৰিখে শনিবাৰে দুৰ্বৃত্তই অতি নিৰ্মমভাৱে হত্যা কৰিছে এই দম্পতীটোক। গুৱাহাটীত অধ্যয়নৰত দম্পতীটোৰ কন্যা ছামিনা য়াছমিনে বাৰম্বাৰ ফোন কৰাৰ পিছত ফোন ৰিছিভ কৰা নাছিল পিতৃ-মাতৃয়ে। অৱশেষত সংকিত হৈ ছামিনাই আত্মীয়ক ফোন কৰি নিজ ঘৰলৈ গৈ চাবলৈ দিয়ে ৷

তাৰ পিচতেই আত্মীয়ই শ্বাহজালৰ ঘৰলৈ গৈ দেখে যে শোৱাপাটীতে দুই স্বামী-স্ত্ৰী তেজেৰে লুতুৰি-পুতুৰি হৈ ক্ষত-বিক্ষত অৱস্থাত মৃত অৱস্থাত পৰি আছে । লগে লগে হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় কুৰ্শাকাটী আৰু বিলাসীপাৰাত। এই খবৰ পাই নিশাই বিলাসীপাৰাৰ ৰাণীগঞ্জত ধুবুৰী আৰক্ষী অধীক্ষক, বিলাসীপাৰাৰ মহকুমা আৰক্ষী বিষয়া, ধুবুৰী অতিৰিক্ত আৰক্ষী অধীক্ষক, মহকুমা দণ্ডাধীশ, বিলাসীপাৰা আৰু সাপটগ্ৰাম আৰক্ষীৰ দল উপস্থিত হয় । এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে বিলাসীপাৰা চহৰৰ মাজমজিয়াত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল প্ৰতিষ্ঠিত ব্যবসায়ী বাছেৰ আলীক। পূৰ্বে দুৰ্বৃত্তই একেই প্ৰক্ৰিয়াৰে ৰাণীগঞ্জ আৰু বাঘমাৰীত হত্যা কৰিছিল দুই দম্পতীক। এই নিৰ্মম হত্যাকাণ্ডৰ পিচতো এজনো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বিলাসীপাৰা আৰক্ষীয়ে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিলাসীপাৰাত কেতিয়া বন্ধ হ'ব ছিৰিয়েল কিলিঙৰ ঘটনা? কিমান সুৰক্ষিত বিলাসীপাৰাৰ জনতা ? শ্বাহজালাল-নাৰ্জিমাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পাৰিব নে বিলাসীপাৰা আৰক্ষীয়ে ?

লগতে পঢ়ক:Suicide inside MP's residency: বিজেপি সাংসদ ৰাজদ্বীপ ৰয়ৰ বাসগৃহত উদ্ধাৰ কিশোৰৰ মৃতদেহ

ABOUT THE AUTHOR

...view details