পূৱ বিলাসীপাৰা, ৬ জুলাই : নিষিদ্ধ ড্ৰাগছ তথা নিচা জাতীয় দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে চাপৰ আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ পম খেদি চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণয় দলেৰ নেতৃত্বত মঙলবাৰে এক অভিযান চলোৱা হয় ৷ অভিযান কালত বৃহৎ পৰিমাণৰ কফ চিৰাপৰ বটল জব্দ কৰা হয় ৷
জানিব পৰা মতে, AS-01-MC-9398 নম্বৰৰ এখন ট্ৰাকত লৈ অনা হৈছিল বৃহৎ পৰিমাণৰ কফ চিৰাপৰ বটল ৷ অৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, ট্ৰাকখনে আম কঢ়িয়া আনিছিল ৷ ট্ৰাকখনে কঢ়িয়াই অনা আমৰ কাৰ্টনখিনিৰ মাজতে 71 টা কাৰ্টনত আছিল নিষিদ্ধ কফ চিৰাপৰ বটল ৷
আমৰ কাৰ্টনত এইবাৰ নিষিদ্ধ কফ চিৰাপ উল্লেখ্য যে, ট্ৰাকখন পশ্চিম বংগৰ পৰা আগৰতলা অভিমুখে আহি আছিল ৷ গোপন সূত্ৰৰ পম খেদি চাপৰ আৰক্ষীয়ে বহলপুৰত জব্দ কৰে কফ চিৰাপ ভৰ্তি ট্ৰাকখন ৷ ট্ৰাকখনত আছিল প্ৰায় 10 হাজাৰ কফ চিৰাপৰ বটল ৷
ট্ৰাকখন আটক কৰি চাপৰ আৰক্ষীয়ে থানা লৈ আহে আৰু দণ্ডাধীশৰ উপস্থিতিত ট্ৰাকখনৰ পৰা আমৰ কাৰ্টনমূহ নমোৱাত এই কফ চিৰাপখিনি ওলাইপৰে । ইতিমধ্যে, ঘটনা সংক্ৰান্ত ট্ৰাক চালক ছাইফুল ইছলামক নামৰ লোকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: ড৹ মুখাৰ্জীয়ে কলিকতা বিশ্ব বিদ্যালয়ত অসমীয়া ভাষা প্ৰৱৰ্তন কৰিছিল: মুখ্যমন্ত্ৰী