অসম

assam

By

Published : Aug 11, 2020, 9:31 PM IST

ETV Bharat / state

ধুবুৰীত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ সংবাদমেল

ধুবুৰী নিৱাসী কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীক ঘৰৰ মালিকৰ মানসিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ। ঘৰ খালি কৰি নিদিলে বহী-কিতাপ ৰাস্তাত পেলাই দিয়াৰ ভাবুকি। জিলা আৰক্ষী অধীক্ষকক অভিযোগ ভুক্তভোগী ছাত্ৰীৰ।

cotton university student press meet at dhuburi house owner ghuwahati harassment alligations
ধুবুৰীত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ সংবাদমেল

ধুবুৰী,11আগষ্টঃ ধুবুৰী চহৰৰ ৯ নং ৱাৰ্ডৰ চাৰ্চ ৰোডৰ বাসিন্দা দীপক দেৱনাথ আৰু জুঁই দাসৰ কন্যা তথা কটন বিশ্ব বিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেনীৰ ছাত্ৰী তিতিৰ দেৱনাথক ভাড়াঘৰৰ মালিকে মানসিক নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মঙলবাৰে ছাত্ৰী গৰাকীয়ে তেওঁৰ পিতৃ-মাতৃক লগত লৈ ধুবুৰী জিলা বাৰ্তাজাৱী সংঘৰ কাৰ্যালয়ত আয়োজন কৰে এখন সংবাদ মেলৰ ৷

তিতিৰ দেৱনাথে কয় যে, "এণ্ডভায়ৰনমেন্টল বায়ল'জি আৰু ৱাইল্ড লাইফ ছাইন্স লৈ কটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি থকাৰ লগতে তেওঁ মহানগৰীৰ উজান বজাৰৰ লেম্ব ৰোডত থকা ভাৰা ঘৰত চলিত বৰ্ষৰ যোৱা পহিলা মাৰ্চৰ পৰা ২০ মাৰ্চলৈকে বসবাস কৰি আছিল ৷ দেশজোৰা লক ডাউন ঘোষণা হোৱাৰ পূৰ্বেই তেওঁ ধুবুৰীলৈ আহি বৰ্তমান লৈকে ধুবুৰীৰ নিজা ঘৰতে আছে ৷ সেই মতে মাৰ্চ মাহৰ পৰা জুলাই মাহলৈকে মুঠ পাঁচমাহৰ ভাৰা (প্ৰতি মাহে আঠ হেজাৰ টকা) ৪০ হেজাৰ টকা ঘৰৰ মালিক পি এল বৰুৱাক দিছিল বুলি সংবাদ মেল খনত তেওঁ উল্লেখ কৰে ৷

ধুবুৰীত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ সংবাদমেল

আনহাতে যোৱা সপ্তাহৰ পৰা ঘৰৰ মালিক বৰুৱাই তেওঁক ফোন যোগে হাৰাশাস্তি কৰাৰ কথা উল্লেখ কৰি কয় যে, ঘৰৰ মালিকে শীঘ্ৰে ঘৰৰ কোঠা খালি নকৰিলে তলা ভাঙি কোঠাটোত থকা তেওঁৰ সকলো বহী-কিতাপ, গুৰুত্বপূৰ্ণ কাগজ-পাতি আৰু অন্নান্য বয়-বস্তু ৰাস্তাত পেলাই দিব বুলি ভাবুকি প্ৰদান কৰে ৷ ঘৰ ভাৰাৰ চুক্তি মৰ্মে ঘৰৰ মালিকে ঘৰৰ কোঠা খালি কৰি দিয়াৰ বাবে কোনো ধৰণৰ জাননী ছাত্ৰী গৰাকীক দিয়া নাই বুলি ছাত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ লক্ ডাউনৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্য খনৰো কলেজ-বিশ্ববিদ্যালয় আদি বন্ধ থকাত আৰু কৰ'ণা মহামাৰীৰ বাবে গুৱাহাটীলৈ যোৱাটো এই মূহুৰ্তত সম্ভৱ নহয় বুলিও ছাত্ৰী গৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে ৷

ইপিনে নিজৰ বহী-কিতাপৰ লগতে অন্নান্য গুৰুত্বপূৰ্ণ কাগজ-পাতি, বয়-বস্তুৰ যাতে কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে ছাত্ৰী তিতিৰ দেৱনাথে মঙলবাৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক ঘৰৰ মালিক পি এল বৰুৱাৰ বিৰুদ্ধে এখন লিখিত অভিযোগ পত্ৰ দাখিল কৰে বুলিও সংবাদ মেলত জানিবলৈ দিয়ে । ইপিনে এইক্ষেত্ৰত ঘৰৰ মালিকৰ বিৰুদ্ধে চৰকাৰ তথা ধুবুৰী জিলা আৰক্ষী অধীক্ষকে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

লগতে পঢ়কঃ অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰাজহুৱা সদৌ অসম ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details