ধুবুৰী,29 এপ্ৰিল: গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিটিএডি এলেকাত পথ নিৰ্মাণত ভয়াৱহ দুৰ্নীতি । ঠিকাদাৰ ,অভিযন্তাৰ বিৰুদ্ধে মুর্দাবাদ ধ্বনিত কঁপিল গৌৰীপুৰৰ বৰভিটা গাঁও ।
ধুবুৰীৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিটিএডিৰ দেৱীতলা বজাৰৰ পৰা বৰভিটা গাঁও হৈ খুটাবাগৰালৈকে নিৰ্মীয়মান পথ এটাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ উল্লেখ্য যে, পূৰ্বৰ স্থানীয় বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে 2015 চনৰ 3 ডিচেম্বৰত কুশল কোঁৱৰ নিৰ্মাণ আঁচনিৰ অধীনত পথচোৱা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল৷ কিন্তু আধাৰশিলা স্থাপনৰ প্ৰায় 3 বছৰৰ পাচত চলিত বৰ্ষতহে আৰম্ভ হৈছে নিৰ্মাণ কাৰ্য৷
গৌৰীপুৰৰ বৰভিটা গাঁৱত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি পাচে,প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণৰ তিনি মাহ নৌহওঁতেই জহি-খহি যাবলৈ আৰম্ভ কৰিছে দুয়ো কাষ । ৰাইজৰ অভিযোগ অনুসৰি কোনো ধৰণৰ ৰোলাৰ ব্যৱহাৰ নকৰাকৈ নিয়ম বহিৰ্ভূতভাৱে এই পথটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই । যাৰ ফলত আহ-যাহ কৰাত অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ জনতা ৷ তাৎপৰ্যপূৰ্ণ কথা যে, অভিলাসী আচঁনিটোৰ নাম উল্লেখ কৰা হৈছে যদিওঁ নাম ফলকটোত ৰহস্যজনকভাৱে উল্লেখ কৰা নাই আৱন্টিত ধনৰ পৰিমাণ । ইয়াকলৈও ৰাইজৰ মাজত সৃষ্টি হৈছে বিভ্ৰান্তিৰ ৷
কেৱল এয়াই নহয়,গড়কাপ্তানী বিভাগৰ বিভাগীয় ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰ এতিয়া পথচোৱা নিৰ্মাণৰ বাবে ধাৰ্য কৰা 98 লাখ টকাৰ অধিকাংশই আত্মসাতৰ অংকত ব্যস্ত হৈ পৰিছে বুলিও অভিযোগ কৰে ৰাইজে ৷ সেয়েহে এই ক্ষেত্ৰত উচিত তদন্ত কৰি সঠিক ৰূপে পথ নিৰ্মাণ কৰাৰ দাবী জনাইছে স্থানীয় এবি আমছুৰ লগতে ৰাইজে ।