অসম

assam

ETV Bharat / state

নিৰ্মাণৰ তিনি মাহৰ পাচতে খহিল 3 কোটি টকীয়া দলঙৰ এটা অংশ - ঠিকাদাৰে চলাইছে লুণ্ঠনৰাজ

পি এম জি এছ ৱাই আঁচনি ৰূপায়ণৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । লোক নিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ পকী দলং আৰু পথ নিৰ্মাণৰ নামত একাংশ ঠিকাদাৰে চলাইছে লুণ্ঠনৰাজ । ধুবুৰীৰ মাঝেৰচৰ চলাকুৰা পঞ্চায়তত নৱ নিৰ্মিত ৩ কোটি ৩৩ লাখ টকীয়া পকী দলঙে উদঙাইছে কোটি টকীয়া দুৰ্নীতিৰ এক অধ্যায় ।

Corruption in implementation of PMGSY schemes
নিৰ্মাণৰ তিনি মাহৰ পাচতে খহিল 3 কোটি টকীয়া দলঙৰ এটা অংশ

By

Published : Oct 27, 2021, 6:22 PM IST

ধুবুৰী, 27 অক্টোবৰ : ধুবুৰীত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা অৰ্থাৎ পি এম জি এছ ৱাই আঁচনি ৰূপায়ণৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । লোক নিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ পকী দলং আৰু পথ নিৰ্মাণৰ নামত একাংশ ঠিকাদাৰে চলাইছে লুণ্ঠনৰাজ । ধুবুৰীৰ মাঝেৰচৰ চলাকুৰা পঞ্চায়তত নৱ নিৰ্মিত ৩ কোটি ৩৩ লাখ টকীয়া পকী দলঙে উদঙাইছে এই কোটি টকীয়া দুৰ্নীতিৰ এক অধ্যায় ।

নিৰ্মাণৰ তিনি মাহৰ পাচতে খহিল 3 কোটি টকীয়া দলঙৰ এটা অংশ

কাৰণ ৩ কোটি ৩৩ লাখ টকীয়া পকী দলং নিৰ্মাণৰ তিনিমাহৰ পিছতেই খহিবলৈ আৰম্ভ কৰিছে দলঙৰ এটা অংশ ৷ ধুবুৰীৰ মাঝেৰচৰ চলাকুৰা পঞ্চায়তৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে পি এম জি এছ ৱাই আঁচনিৰ জৰিয়তে এখন পকী দলং নিৰ্মাণৰ বাবে আৱণ্টন দিছিল ৩ কোটি ৩৩ লাখ ১৮ হাজাৰ টকা ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সতৰ্ক হোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

দুটা বছৰে কাম সম্পন্ন কৰিলে ঠিকাদাৰ আব্দুল জব্বাৰ আলীয়ে । কিন্তু অভিযোগ অনুসৰি ঠিকাদাৰ আব্দুল জব্বাৰে আঁচনি বৰ্হিঃভূতভাৱে সম্পূৰ্ণ কৰিলে কোটি টকীয়া দলংখনৰ নিৰ্মাণৰ কাম । তদুপৰি, অতি নিম্নমানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰা দলংখনৰ সংযোগী পকী পথৰ দুয়ো ফালে বৃহৎ বৃহৎ অংশ জহি-খহি যাবলৈ আৰম্ভ কৰিছে ৷

নিৰ্মাণৰ তিনি মাহ পিছতেই দলং আৰু পকী পথৰ মাজত চিৰাল ফাঁট মেলাৰ লগতে পকী পথৰ দুয়ো ফালৰ মাটি খহি যোৱাৰ ফলত পথটোক লৈ অধিক আতংকিত হৈছে সাধাৰণ পথচাৰী ৷ পথটোৰ তলৰ অংশৰ মাটি খহি যোৱাৰ ফলত যিকোনো মূহুৰ্তত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক :নতুন মোৰ লৈছে বেলতলা হত্যাকাণ্ডই : কেয়াৰটেকাৰক গ্ৰেপ্তাৰ

স্থানীয় লোকে পথটোৰ এনে অৱস্থাৰ কথা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও দলংখনৰ লগতে পথটোৰ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ মাঝেৰচৰ চলাকুৰা অঞ্চলৰ ৰাইজৰ বহিঃঅঞ্চলৰ সৈতে যোগাযোগৰ একমাত্ৰ এই পথটোৰ নিৰ্মাণৰ নামত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া-অভিযন্তাই ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

এনে ক্ষেত্ৰত পি এম জি এছ ৱাই আঁচনিৰ অধীনৰ এই কোটি টকীয়া কামটোত সংঘটিত অনিয়মৰ তদন্ত কৰাৰ লগতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া-অভিযন্তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :30 অক্টোবৰত Paid Holiday ঘোষণা অসম চৰকাৰৰ

ABOUT THE AUTHOR

...view details