বিলাসীপাৰা,১৮ অক্টোবৰ:যিটো সময়ত চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ চেষ্টা অব্যাহত ৰাখিছে, তেনে সময়তে বিলাসীপাৰা পৌৰসভাত অস্বাভাৱিক দুৰ্নীতি চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে(Corruption in Bilasipara Municipality) । চহৰখনত ৯ নং ৱাৰ্ডস্থিত হাকামাত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ নামত যধে মধে ধন ঘটাৰ অঘোষিত প্ৰতিযোগিতা চলাৰ অভিযোগ উত্থাাপন হৈছে ।
মঙলবাৰে সম্পূৰ্ণ বৈদিক প্ৰথা, ৰীতি নীতি অনুসৰি পৌৰপতি মনালিছা দাস, অভিযন্তা দীপক দেৱ,কাৰ্যবাহী বিষয়া ৰূপকমল ৰাভাৰ লগতে ৱাৰ্ড আয়ুক্তসকলৰ উপস্থিতিত গ্ৰাউণ্ডখনত জাৱৰ নিষ্কাশনৰ বাবে ৬০ লাখ টকীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় । পিছে কোনো নিবিদা আহ্বান নকৰাকৈয়ে আবন্টিত কামৰ আধাৰশিলা কিদৰে স্থাপন কৰিলে সেয়া ৰাইজৰ বাবে নুবুজা সাঁথৰ আৰু কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে(Laying the foundation stone without tender) ।
এইক্ষেত্ৰত কাৰ্যবাহী বিষয়া আৰু পৌৰপতিৰ বক্তব্য অমিল হোৱাত উত্থাপিত অভিযোগৰ সত্যতাকে প্ৰমাণিত কৰিলে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কাৰ্যবাহী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে বাতৰি কাকতত নিবিদাৰ বিজ্ঞাপন দিয়া হৈছে বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে । লগতে বিষয়াগৰাকীয়ে গুজৰাটৰ এটা কোম্পানীয়ে এই নিবিদা লাভ কৰে বুলি উল্লেখ কৰে ।