অসম

assam

ETV Bharat / state

দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ঠগিলে বিলাসীপাৰাবাসীক - Assam Job scam

বিলাসীপাৰত দলং নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । জি.এল আগৰৱালা নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ (Corruption in bridge construction)। ২০২০ চনতে নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া আছিল যদিও আজিলৈ অৰ্ধনিৰ্মিত হৈয়ে থাকিল গুৰুত্বপূৰ্ণ দলং । সঠিক তদন্ত কৰাৰ লগতে অতি শীঘ্ৰে দলঙৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাইজৰ দাবী ।

Bilashipara
দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ঠগিলে বিলাসীপাৰাবাসীক

By

Published : Sep 18, 2022, 1:56 PM IST

বিলাসীপাৰা,১৮ ছেপ্টেম্বৰ :দুৰ্নীতিমুক্ত অসমৰ সপোন দেখুওৱা বিজেপি চৰকাৰে ৰাজ্যখনত দুৰ্নীতি নিৰ্মূল কৰাত ব্যৰ্থ হৈছে (Assam Govt failed to stop corruption)। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ ঘোষণা কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিছে যদিও এতিয়াও বিভিন্ন ক্ষেত্ৰত দুৰ্নীতি অব্যাহত আছে । শেহতীয়াকৈ নিযুক্তি কেলেংকাৰীক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Assam Job scam)।

দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ঠগিলে বিলাসীপাৰাবাসীক

নিযুক্তি কেলেংকাৰীৰ খবৰে সংবাদ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ ধুবুৰীৰ বিলাসীপাৰাত দলং নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । বিলাসীপাৰাত এখন আৰচিচি দলং নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে (Public protest in Bilashipara)। চিৰাকুটা, বামুণপাৰা ৪ৰ্থ খণ্ডৰ পৰা বামুণপাৰা ৫ম খণ্ড সংযোগী পথত থকা এই দলংখন নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ কৰিছে ৰাইজে ।

উল্লেখ্য যে উক্ত দলংখন ২০২০ চনতে সম্পূৰ্ণ হ'বলগীয়া আছিল । কিন্তু দলঙৰ কাম বৰ্তমানো সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ (Corruption in bridge construction)। ইফালে অতি গুৰুত্বপূৰ্ণ পথত নিৰ্মাণ কৰা হৈছে দলংখন । কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়াতৰ ভৰসা উক্ত পথটো । প্ৰতিদিনে হাজাৰ হাজাৰ লোক আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে সেই পথেৰে অহা যোৱা কৰে ।

প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত বামুণপাৰা চতুৰ্থ খণ্ড গাঁৱৰ পৰা বামুণপাৰা ৫ম খণ্ড লৈ যোৱা পথৰ ওপৰত AS 05- 182 পেকজ নম্বৰৰ কেইবা কোটি টকীয়া দলং নিৰ্মাণৰ কামৰ আৱন্টন লাভ কৰিছিল ঠিকাদাৰ জি.এল আগৰৱালাই । ২০১৮ চনত আৱণ্টন লাভ কৰাৰ পিছত কোম্পানীযটোৱে অতি নিম্ন মানৰ চিমেণ্ট, ৰদ, শিল-বালি আদি সামগ্ৰী ব্যৱহাৰ কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰঅভিযোগ উঠিছে ৷ পিছত দলঙৰ কাম সম্পূৰ্ণ নকৰাকৈ পেলাই থৈ যোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

যাৰ বাবে ৰাইজে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । অতি সোনকালে দলংখন সম্পূৰ্ণ কৰি দিবলৈ আৰু কোম্পানীটোৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিবলৈ দাবী তুলিছে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :আমগুৰিৰ চিন্তামণিগড়ত অনাময় আঁচনি ৰূপায়ণত দুৰ্নীতি

ABOUT THE AUTHOR

...view details