অসম

assam

ETV Bharat / state

ধুবুৰীত কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি - শাৰীৰিক অসুস্থতা

ধুবুৰীৰ কৰ'ণা ৰোগীৰ মৃতকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি ৷ বুধবাৰৰ নিশা পুনৰ এগৰাকী পশু চিকিৎসকৰ মৃত্যু হৈছে জিলাখনত ৷ GMCH মৃত্যু হয় চিকিৎসক গৰাকীৰ ৷

Corona Dead Rises to 9 in Duburi District
ধুবুৰীত কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি

By

Published : Aug 27, 2020, 5:27 PM IST

ধুবুৰী, 27 আগষ্ট : ৰাজ্য়ৰ অন্য জিলাৰ লগতে ধুবুৰী জিলাতো কৰ'ণা মহামাৰীয়ে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ বুধবাৰে নিশা পুনৰ জিলাখনৰ এগৰাকী পশু চিকিৎসকে কৰ'ণা মহামাৰীত মৃত্যু বৰণ কৰিছে ৷ মৃত্যু হোৱা চিকিৎসক গৰাকীৰ নাম ডাঃ আব্দুল বাৰেক বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, ধুবুৰী পশু চিকিৎসালয়ত কৰ্মৰত চিকিৎসক গৰাকীৰ ঘৰ ধুবুৰী জিলাৰ জৰুৱাৰ চৰ অঞ্চলত । চিকিৎসক গৰাকীয়ে যোৱা কিছুদিনৰ পৰা লিভাৰ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল । কিন্তু হঠাৎ শাৰীৰিক অসুস্থতা বৃদ্ধি পোৱাৰ পিচত চিকিৎসক গৰাকীক শুকুৰবাৰে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । পিচত ক'ভিড টেষ্ট কৰাত চিকিৎসক জনৰ দেহত ক'ভিড-19 ধৰা পৰে ।

পৰৱৰ্তী সময়ত তেওঁক ধুবুৰীৰ কিছমত হাচদহ মডেল হাস্পতালৰ ক'ভিড কক্ষত ভৰ্তি কৰোৱা হয় । ইপিনে, চিকিৎসক গৰাকী ক্ৰমাৎ অসুস্থ হৈ পৰাত দেওবাৰে গুৱাহাটীৰ জি এম চি এইচ লৈ প্ৰেৰণ কৰা হয় যদিও বুধবাৰৰ নিশা 2 মান বজাত চিকিৎসাধীন অৱস্থাত শেষ নিঃশ্বাস ত্যাগ কৰে চিকিৎসক আব্দুল বাৰেকে ।

আনহাতে, চিকিৎসক গৰাকীৰ দেহত কৰণাৰ উপস্থিতি ধৰা পৰাৰ পিচদিনাই তেওঁৰ পত্নী সহ তিনি সন্তানৰ ক'ভিড টেষ্ট কৰাত আটাইকেইজনৰ দেহত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰে । পিচত আটাইকেইজনক কিছমত হাচদহ মডেল হস্পাতালৰ ক'ভিড কক্ষত ভৰ্তি কৰোৱা হৈছে । চিকিৎসক গৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছা পৰিছে ধুবুৰীৰ লগতে জন্মভূমি জৰুৱাৰ চৰ অঞ্চলত ।

উল্লেখ্য যে, বৰ্তমানলৈ ধুবুৰী জিলাত 9 জনকৈ লোক কৰ'ণা ভাইৰাছত মৃত্যু বৰণ কৰিছে ৷

লগতে পঢ়ক : টীয়কৰ মেলং চাহ বাগিছাত আটছাৰ ধৰ্ণা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details