ধুবুৰী, 11 জুন :খাকী পোচাকত আকৌ দাগ ৷ আৰক্ষীৰ দ্বাৰা পুনৰ ৰঙাঘৰত সোমাল এজন আৰক্ষী ৷ ঘটনাৰ স্থান ধুবুৰীৰ গৌৰীপুৰ ৷ ধৃত আৰক্ষীৰ কৰ্মীজন হ’ল ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিয়োজিত হৈ থকা কনিষ্টবল আশ্ৰাফুল ইছলাম মোল্লাহ (Cop detained in Dhubri) ৷ অভিযোগ অনুসৰি, বিভিন্ন সময়ত আশ্ৰাফুল ইছলাম মোল্লাহে ড্ৰাগছ মাফিয়াৰ উপৰিও আন বিভিন্ন জনৰ পৰা দাবী ধমকিৰে অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছিল ।
এই অভিযোগৰ তেনে এক অভিযোগৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে কনিষ্টবল আশ্ৰাফুল ইছলাম মোল্লাহৰ বিৰুদ্ধে তদন্ত কৰে । আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পিচত শুকুৰবাৰে গৌৰীপুৰ আৰক্ষী বিষয়া ঋতুজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গৌৰীপুৰৰ মাটিয়াবাগ অঞ্চলৰ পৰা কনিষ্টবলজনক আটক কৰে (Cop detained on accused of extorting money in Dhubri) ।
তাৰ পিচতেই নিশা কনিষ্টবলজনক জেৰা কৰাৰ অন্তত তেওঁৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে 31 জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গুলী কেইটাৰ লগতে দুখনকৈ বাহনো জব্দ কৰে গৌৰীপুৰ আৰক্ষীয়ে । আৰক্ষীৰ জেৰাৰ অন্তত কনিষ্টবল মোল্লাৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত 239/23 নম্বৰ ধাৰাত গোচৰ পঞ্জীয়ন কৰা হয় । এই গোচৰৰ ভিত্তিতেই শনিবাৰে ধুবুৰী আদালতত হাজিৰ কৰা হয় ধৃত আৰক্ষী কনিষ্টবলজনক ।