অসম

assam

ETV Bharat / state

ধুবুৰীৰ সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা - সাংবাদিক ৰাজীৱ শৰ্মা

স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ গৰু ছিণ্ডিকেটক লৈ ৰাজ্য চৰকাৰ সৰৱ হ'লেও ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ ভাৰত বাংলা সীমান্তৰ নদী পথেৰে অব্যাহত আছে গৰুৰ চোৰাং বেহা। অব্যাহত আছে আৰক্ষীৰ ছত্ৰ ছাঁয়াত গৰুৰ ছিণ্ডিকেটৰাজ । আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰু জব্দ কৰে যদিও চোৰাং গৰু জব্দ কৰাৰ নামত ধুবুৰী আৰক্ষীয়ে চলাইছে কেৱল ব্যৱসায় তথা ছিণ্ডিকেটৰাজ।

Continuing Cow smuggling at the Dhubri border
ধুবুৰীৰ সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা

By

Published : Jul 20, 2020, 10:35 PM IST

ধুবুৰী,20 জুলাইঃ গৰুৰ ছিণ্ডিকেটক লৈ সম্প্ৰতি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷ কিছুদিন পূৰ্বে গৰুৰ লগতে বন ধ্বংসৰ ছিণ্ডিকেটৰ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবেই আৰক্ষীৰ ৰোষত পৰিছিল ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মা । ছিণ্ডিকেট বন্ধ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এছ আই টি গঠনৰ আশ্বাস প্ৰদান কৰাৰ লগতে ছিণ্ডিকেট প্ৰসংগলৈ ইতিমধ্যে ধুবুৰী আৰক্ষী অধীক্ষক যুৱৰাজক শাস্তিমূলক ভাৱে বদলিও কৰা হ'ল। কিন্তু তাৰপিছতো গৰুৰ চোৰাং বেহা বন্ধ হোৱা নাই ধুবুৰীত ৷ কাৰণ পুনৰ পোহৰলৈ আহিছে গৰু ছিণ্ডিকেটৰ আন এক অধ্যায় ৷

ধুবুৰীৰ সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা

জানিব পৰা মতে,সম্প্ৰতি বানপানীৰ সুযোগ গ্ৰহণ কৰি উন্মুক্ত নদী সীমান্তৰে প্ৰতি দিনেই বাংলাদেশলৈ পাৰ কৰা হৈছে জাকে জাকে চোৰাং গৰু । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ধুবুৰীৰ এ এম কোঃ ৰোড আৰক্ষী চকীৰ এটা আৰক্ষীৰ দলে আজি পুৱা চৰ ভাসানী,আমিনেৰ চৰ আদি অঞ্চলৰ নদীপথত অভিযান চলায়।এনে সময়তে যন্ত্ৰচালিত নাৱেৰে বাংলাদেশলৈ চোৰাংকৈ নিয়াৰ পথত 19টাকৈ গৰু জব্দ কৰিবলৈ আৰক্ষী সক্ষম হয় যদিও চোৰাং সৰবৰাহকাৰী দলটো পলায়ন কৰে ৷

ধুবুৰীৰ সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা

স্থানীয় ৰাইজৰ অভিযোগ,তিনিখনকৈ গৰু ভৰ্তি নাও সীমান্ত অঞ্চললৈ যাত্ৰা কৰিছিল যদিও ইয়াৰে গৰু ভৰ্তি দুখনকৈ নাও এৰি দিয়াৰ বিপৰীতে এখন নাৱত থকা ১৯ টাকৈ গৰুহে জব্দ কৰে আৰক্ষীয়ে ৷ আনহাতে স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ গৰু ছিণ্ডিকেটক লৈ ৰাজ্য চৰকাৰ সৰৱ হ'লেও ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ ভাৰত-বাংলা সীমান্তৰ নদী পথেৰে অব্যাহত আছে গৰুৰ চোৰাং বেহা। অব্যাহত আছে আৰক্ষীৰ ছত্ৰ ছায়াত গৰুৰ ছিণ্ডিকেটৰাজ। আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰু জব্দ কৰে যদিও চোৰাং গৰু জব্দ কৰাৰ নামত ধুবুৰী আৰক্ষীয়ে চলাইছে কেৱল ব্যৱসায় তথা ছিণ্ডিকেটৰাজ।

এতিয়া প্ৰশ্ন হয়,ক'ত অন্তৰ্ধান হ'ল গৰু ভৰ্তি আন 2খন নাও ? কাৰ কৃপাত এতিয়াও অব্যাহত আছে গৰুৰ ৰমৰমীয়া বেহা ? সঁচাকৈয়ে গৰুৰ চোৰাং বেহাত জড়িত নেকি আৰক্ষী তথা প্ৰভাৱশালী ৰাজনৈতিক নেতা ? সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে গৰু ছিণ্ডিকেটক লৈ পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details