ধুবুৰীত পেট্ৰল পাম্প স্থাপনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - নামনি অসমৰ ঐতিহাসিক এ এছ টি চি বাছ আস্থানত হবলৈ গৈ আছে হিন্দুস্থান পেট্ৰল পাম্প
ধুবুৰীত পেট্ৰল পাম্প স্থাপনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ ৷ সত্তৰৰ দশকত স্থাপন হোৱা অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ আস্থানটো অবিভক্ত গোৱালপাৰা জিলাৰ বহিঃবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল ৷ কিন্তু এতিয়া কাগজ কলমতেই ৰৈ যোৱা বাছ আস্থানটো অসম ৰাজ্যিক পৰিবহণ বিভাগ আৰু হিন্দুস্থান পেট্ৰলিয়াম কৰ্তৃপক্ষৰ সৈতে হোৱা বুজা বুজি চুক্তিৰ ভিত্তিত পৰিণত হ’বলৈ ওলাইছে হিন্দুস্থান পেট্ৰল পাম্পত ৷
ধুবুৰী, 7 চেপ্তেম্বৰঃঐতিহাসিক সাক্ষ্য বহন কৰা নামনি অসমৰ এএছটিচি বাছ আস্থানত হ’বলৈ গৈ আছে হিন্দুস্থান পেট্ৰল পাম্প ৷ যোৱা কিছুদিন ধৰি পূৰ্ণ গতিত চলিছে পেট্ৰ’ল পাম্পৰ নির্মাণ কাৰ্য ৷ সত্তৰৰ দশকত স্থাপন হোৱা অসম ৰাজ্যিক পৰিৱহণ বিভাগৰ বাছ আস্থানটো অবিভক্ত গোৱালপাৰা জিলাৰ বহিঃবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল ৷ কিন্তু এতিয়া কাগজ কলমতেই ৰৈ যোৱা বাছ আস্থানটো ৷ অসম ৰাজ্যিক পৰিবহণ বিভাগ আৰু হিন্দুস্থান পেট্ৰলিয়াম কৰ্তৃপক্ষৰ সৈতে হোৱা বুজা বুজি চুক্তিৰ ভিত্তিত পৰিণত হ’বলৈ ওলাইছে হিন্দুস্থান পেট্ৰল পাম্পত ৷ ওচৰৰ শিক্ষানুষ্ঠান আৰু ধুবুৰী সাহিত্য সভাৰ লগতে স্থানীয় ৰাইজ আৰু ৱাৰ্ড কমিছনাৰৰ বাধাক নেওচি পূৰ্ণ গতিত চলি গৈছে পেট্ৰল পাম্পৰ নিৰ্মাণ কাৰ্য ৷
TAGGED:
CONGRESS PROTEST AT DHUBURI