মাজুলী, 1 অক্টোবৰ: হাথৰস গণধৰ্ষণ কাণ্ড পোহৰলৈ অহাৰ পাচতে দেশজুৰি অব্যাহত আছে প্ৰতিবাদৰ ঢৌ ৷ বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পীড়িতাৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে কংগ্ৰেছ নেতা গৰাকীক গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ অৱশ্যে পাচত আৰক্ষীয়ে মুকলি কৰি দিয়ে ৰাহুল গান্ধীক ৷
মাজুলী : ৰাহুল গান্ধীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ লগতে ৰাজ্যতো ঠায়ে ঠায়ে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধীক গতিয়াই দিয়াৰ অভিযোগ তুলি মাজুলীত শতাধিক কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰে প্রতিবাদ ৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পুত্তলিকা দাহ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে মাজুলীৰ ৰাজপথ ৷
ধুবুৰী: ৰাহুল গান্ধীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ধুবুৰী আৰু মানকাচৰতো প্ৰতিবাদ যুৱ কংগ্ৰেছৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰাৰ লগতে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷
কলগাছিয়া:কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কৰা অপমানৰ বিৰুদ্ধে কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ পুত্তলিকা দাহ কৰে জনীয়া যুৱ কংগ্ৰেছে ৷ লগতে বিজেপি চৰকাৰক ধৰ্ষণকাৰী চৰকাৰৰ বুলি আখ্যা দিয়ে প্ৰতিবাদকাৰীসকলে ৷