অসম

assam

ETV Bharat / state

ধুবুৰীত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল গণ বিক্ষোভ - ধুবুৰীত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল গণ বিক্ষোভ

বিজেপি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি ধুবুৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলা কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে। মহিলা কংগ্ৰেছ, জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ প্ৰতিবাদত কঁপিল ধুবুৰী চহৰ।

ধুবুৰী

By

Published : Nov 7, 2019, 8:44 PM IST

ধুবুৰী, 7 নৱেম্বৰ :সমগ্ৰ ভাৰতবৰ্ষত অৰ্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, নিত্য ব্যৱহাৰ্য্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে সমগ্ৰ দেশৰ কেইবাটাও জ্বলন্ত সমস্যা ৰাইজৰ আগত দাঙি ধৰি বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ প্ৰমাণ দিবলৈ সাজু হৈছে কংগ্ৰেছ দল । নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে, চলিত মাহৰ 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ সমগ্ৰ দেশজুৰি এনে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে।

কংগ্ৰেছৰ বিশাল গণ বিক্ষোভ

বৃহস্পতিবাৰে ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছ কৰ্মী, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ৰাষ্ট্ৰীয় ছাত্ৰ সংগঠনৰ স'তে শতাধিক প্ৰতিবাদীয়ে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ জিলা কংগ্ৰেছৰ এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কাষত অৱস্থিত মুখ্য ডাক সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ প্ৰতিবাদকাৰীয়ে ।

এফালে যদি মধ্যাহ্ন ভোজনৰ দাবীত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী শ্লোগান, আনফালে আকৌ জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ চৰকাৰ বিৰোধী শ্লোগান৷ মুঠৰ ওপৰত বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰতিবাদত কঁপিল ধুবুৰী চহৰ। জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ চৰকাৰৰ নেতৃত্বত কেবাজনো জ্যেষ্ঠ কংগ্ৰেছী, বিধানসভাৰ দলীয় মনোনীত প্ৰাৰ্থীসকলৰ লগতে প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰী উপস্থিত থাকে প্ৰতিবাদী কাৰ্যসূচীত।

ABOUT THE AUTHOR

...view details