অসম

assam

ETV Bharat / state

ধুবুৰীত সহস্ৰাধিক কংগ্ৰেছীৰ অগপত যোগদান - সদস্য ভৰ্তি অভিযান অগপ

অসম গণ পৰিষদৰ ধুবুৰী জিলা কাৰ্যালয়ত শ শ লোকৰ ভিৰ ৷ লোকাৰণ্য কাৰ্যালয় চৌহদ ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে দলটোৱে হাতত লৈছে সদস্য ভৰ্তি অভিযান ৷

ধুবুৰীত সহস্ৰাধিক কংগ্ৰেছীৰ অগপত যোগদান

By

Published : Sep 11, 2019, 10:19 PM IST

ধুবুৰী,11 চেপ্তেম্বৰঃ অসম গণ পৰিষদৰ ধুবুৰী জিলা কাৰ্যালয়ত শ শ লোকৰ ভিৰ ৷ লোকাৰণ্য কাৰ্যালয়টোৰ চৌহদ ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে দলটোৱে হাতত লৈছে সদস্য ভৰ্তি অভিযান ৷ সেই অনুসৰি বুধবাৰে অগপ নেতা ভূপেন ৰায়ৰ লগতে আন কেইবাগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতৃবৰ্গৰ উপস্থিতিত ধুবুৰী চহৰৰ বিভিন্ন ৱাৰ্ডৰ মুঠ 1100 লোকে কংগ্ৰেছৰ পৰা অগপত যোগদান কৰে ৷ ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত দল স্থিতিৰ কথা দোহাই দি ভূপেন ৰায়ে কয় যে সম্পূৰ্ণ আলাপ আলোচনাৰ মাধ্যমেৰে বিধেয়ক খন সংসদত উত্থাপন কৰা হ'ব আৰু এই ক্ষেত্ৰত জনসাধাৰণে শংকিত হোৱাৰ কোনো কাৰণ নাই ৷

ধুবুৰীত সহস্ৰাধিক কংগ্ৰেছীৰ অগপত যোগদান

ABOUT THE AUTHOR

...view details