অসম

assam

ETV Bharat / state

এজেপি আৰু ৰাইজৰ দলক একত্ৰিত হ'বলৈ আহ্বান কংগ্ৰেছৰ - ২০২১ৰ বিধানসভা নিৰ্বাচন

নতুনকৈ গঠন হোৱা এজেপি আৰু ৰাইজৰ দলৰ বিজেপি বিৰোধী স্থিতিৰ সৈতে কংগ্ৰেছৰ স্থিতিৰ মিল আছে বুলি কৈ লগতে বিজেপি বিৰোধী সকলো ৰাজনৈতিক দলে মহাজোঁট বন্ধনত একত্ৰিত হবলৈ আহ্বান জনায় কংগ্ৰেছে ।

congress-mla-jakir-hussain-press-meet
এজেপি আৰু ৰাইজৰ দলক একত্ৰিত হ'বলৈ আহ্বান কংগ্ৰেছৰ

By

Published : Oct 3, 2020, 10:02 PM IST

ধুবুৰী, 3 অক্টোবৰ : ২০২১ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে শাসক বিৰোধী বিভিন্ন ৰাজনৈতিক দলে। শনিবাৰে ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত ধুবুৰী ৰাজীৱ ভৱনত অনুষ্ঠিত হয় বিশাল কাৰ্যনিৰ্বাহক সভা । সভাত উপস্থিত থাকে কংগ্ৰেছৰ বিধায়ক, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ধুবুৰী জিলাৰ তত্বাৱধায়ক জাকিৰ হুছেইন সিকদাৰ, প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী আৰু জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰৰ লগতে বহু কেইজন নেতা ।

জিলা খনৰ প্ৰতিটো সমষ্টিৰ প্ৰতিনিধি আৰু কৰ্মী সকলৰ উপস্থিতিত জিলা খনৰ ছয়খন বিধানসভা সমষ্টিৰ দলীয় নেতা কৰ্মী সকলৰ পৰা সাংগঠনিক বুজ লৈ বিধায়ক জাকিৰ হুছেইন সিকদাৰে সংবাদ মাধ্যমৰ আগত কয় যে, ধুবুৰী জিলাত কংগ্ৰেছৰ ভেটি যথেষ্ট শক্তিশালী । লগতে বিজেপি দলক উফৰাবলৈ যিখিনি শক্তিৰ প্ৰয়োজন সেয়া কংগ্ৰেছত আছে বুলি উল্লেখ কৰে জাকিৰ হুছেইন সিকদাৰে । আনহাতে নতুনকৈ গঠন হোৱা এজেপি আৰু ৰাইজৰ দলৰ বিজেপি বিৰোধী স্থিতিৰ সৈতে কংগ্ৰেছৰ স্থিতিৰ মিল আছে বুলি কৈ লগতে বিজেপি বিৰোধী সকলো ৰাজনৈতিক দলে মহাজোঁট বন্ধনত একত্ৰিত হ’বলৈ আহ্বান জনায় কংগ্ৰেছে ।

এজেপি আৰু ৰাইজৰ দলক একত্ৰিত হ'বলৈ আহ্বান কংগ্ৰেছৰ
ইপিনে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মিত্ৰতাৰ প্ৰসংগ লৈ কংগ্ৰেছৰ একাংশ সংখ্যালঘু নেতাই মিত্ৰতাৰ বিৰোধিতা কৰি আহিছে তেনে ক্ষেত্ৰত ধুবুৰী জিলাৰ তত্বাৱধায়ক বিধায়ক জাকিৰ হুছেইনে নিৰ্বাচনৰ সময়ত সকলোৱে একত্ৰিত ভাবে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি সদৰী কৰে।
লগতে পঢ়ক:চৰকাৰী আঁচনি ভোট নহয় 'সকলোৰে বিকাশ'ৰ ওপৰত আধাৰিত : প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details