অসম

assam

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল আবু তাহেৰ বেপাৰীৰ

By

Published : Mar 20, 2021, 1:18 PM IST

কংগ্ৰেছক প্ৰত্যাহ্বান ! কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলেও নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ আশা এৰি দিয়া নাই গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীয়ে । বিধানসভা নিৰ্বাচনত গোলকগঞ্জ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন বিধায়কগৰাকীয়ে । শুক্ৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে আবু তাহেৰ বেপাৰীয়ে ।

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীৰ
নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীৰ

ধুবুৰী, ২০ মাৰ্চ: নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ শুক্ৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে আবু তাহেৰ বেপাৰীয়ে । ধুবুৰীৰ গোলকগঞ্জ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত হোৱাৰ পিছতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ।

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীৰ

শুক্ৰবাৰে দলীয় সমৰ্থকক লগত লৈ আবু তাহেৰ বেপাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনী বিষয়াৰ হাতত দাখিল কৰিলে মনোনয়ন পত্ৰ । কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ নকৰা সন্দৰ্ভত তেওঁ কয় যে, কংগ্ৰেছ দলৰ নেতৃত্বৰ ভুলৰ বাবে তেওঁ প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল ।

এইবাৰ তেওঁৰ জয় নিশ্চিত হৈ থকা স্বত্বেও দলে ষড়যন্ত্ৰমূলকভাৱে তেওঁক বঞ্চিত কৰিছে বুলি অভিযোগ উত্থাপন কৰে । লগতে গোলকগঞ্জ সমষ্টিত কংগ্ৰেছে প্ৰক্ষেপ কৰা প্ৰাৰ্থীগৰাকী যুদ্ধ ক্ষেত্ৰ এৰি আধাতে পলাই যাব বুলিও তাচ্ছিল্য কৰে আবু তাহেৰ বেপাৰীয়ে ।

আনহাতে, এইবাৰ গোলকগঞ্জ সমষ্টিত তেওঁৰ কোনো প্ৰতিদ্বন্দী নাই বুলি মন্তব্য কৰে আবু তাহেৰ বেপাৰীয়ে । বিগত পাঁচ বছৰত বিজেপি বিধায়কগৰাকীয়ে কোনো উন্নয়নমূলক কাম কৰিব পৰা নাই বাবে ৰাইজে এইবাৰ তেওঁক আঁকোৱালি ল'ব বুলি মন্তব্য কৰাৰ লগতে জয় ১০০ শতাংশ নিশ্চিত বুলিও দাবী কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:বাক্সাৰ শালবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details