ধুবুৰী, 29 মাৰ্চঃ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীয়ে লাভ কৰাক লৈ উৎফুল্লিত কংগ্ৰেছ কৰ্মী ৷ আবু তাহেৰ বেপাৰী জিন্দাবাদ শ্ল’গানেৰে কপাই তুলে বেপাৰীৰ বাসভৱন ।
আবু তাহেৰ বেপাৰীৰ প্ৰাৰ্থিত্বক লৈ উৎফুল্লিত কংগ্ৰেছ কৰ্মী - DHUBURI
ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী । আবু তাহেৰ বেপাৰীৰ নাম ঘোষণাত উৎফুল্লিত কংগ্ৰেছ কৰ্মী । কৰ্মীৰে ভৰি পৰিল বেপাৰীৰ ছাগলীয়া বাসভৱন ।
বিগত দহ বছৰত আজমলৰ কেৱল দিল্লী, মুম্বাই, বিদেশ ভ্ৰমণ কৰোতেই দিন গল কয় সমষ্টিত একো উন্নতি কৰা নাই বুলি মন্তব্য কৰে ধুবুৰীৰ কংগ্ৰেছ কৰ্মীয়ে । সেয়ে এই নিৰ্বাচনত চালানী আজমলক ধুবুৰীৰ পৰা একেবাৰেই বিদায় দিব বুলি উল্লেখ কৰে ৷
আনহাতে প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী ২০০৬ আৰু ২০১১ চনৰ বিধানসভা নিৰ্বাচনত গোলকগঞ্জৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল । কিন্তু ২০১৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছিল প্ৰাক্তন বিধায়কজনে । কিন্তু প্ৰাৰ্থিত্ব লাভ নকৰাত পুনৰ কংগ্ৰেছত যোগদান কৰে । আবু তাহেৰ বেপাৰীৰ আগমনে আজমলৰ ভেটি খহাই এইবাৰ ধুবুৰীত কংগ্ৰেছ জয়ী হোৱাৰ তীব্ৰ সম্ভাৱনা দেখা পোৱা গৈছে । এতিয়া পৰৱৰ্তী সময়তে নিৰ্ধাৰণ হ’ব ধুবুৰীৰ শেষ বিজয়ৰ হাঁহি কোনে মাৰিব ৷