ধুবুৰী,6 জানুৱাৰী : নিৰ্বাচনৰ পূৰ্বে ধুবুৰীৰ মানকাচৰত অসম গণ পৰিষদৰ ভেটি শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰখা গৈছে ৷ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ৰাজ্যত এতিয়া সিমানেই ৰাজনৈতিক নেতা সকলৰ তৎপৰতা বৃদ্ধি পাবলৈ ধৰিছে ৷ মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ নেতৃত্বত ৭ শতাধিক এআইইউডিএফ আৰু কংগ্ৰেছ কৰ্মীসকলে সোমবাৰে অগপ দলত যোগদান কৰে ৷ এই ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
মানকাচৰত কংগ্ৰেছ-এআইইউডিএফত খহনীয়া অব্যাহত - Congress
মানকাচৰত কংগ্ৰেছ-এআইইউডিএফ দলত ব্যাপক খহনীয়া । 700 ৰো অধিক নেতা-কৰ্মীয়ে যোগদান কৰে অগপত ।
মানকাচৰত কংগ্ৰেছ-এআইইউডিএফত খহনীয়া অব্যাহত
বৰ্তমান মানকাচৰত আঞ্চলিক দল অসম গণ পৰিষদৰ ভেটি ক্ৰমাৎ শক্তিশালী হোৱা পৰিলক্ষিত হৈছে ৷ গোটাবাৰী আৰু মলাখোৱা গাঁও পঞ্চায়তৰ কংগ্ৰেছ আৰু এআইইউডিএফ কৰ্মীসকলে এইদৰে অগপত যোগদান কৰা কাৰ্যই বহু তাৎপৰ্য বহন কৰিছে ৷
লগতে চাওকঃহাইলাকান্দিত অগপৰ জাতীয় সমাৰোহ