ধুবুৰী,১৮ মাৰ্চ:ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ২৫ নং গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুছ ছোৱাহান আলী সৰকাৰে । কেইগৰাকীমান সমৰ্থকক লগত লৈ গোলকগঞ্জ সমষ্টিৰ দায়িত্বত থকা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ।
মনোনয়ন দাখিল কৰি বিজেপি প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ প্ৰাৰ্থী ছোৱাহান আলী সৰকাৰে কয় যে এইবাৰ গোলকগঞ্জ সমষ্টিৰ পৰা ধূলিস্যাৎ হৈ যাব বিজেপি । লগতে তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ।