অসম

assam

By

Published : Dec 2, 2020, 4:19 PM IST

ETV Bharat / state

ধুবুৰীত ভূমিকেন্দিক বিবাদঃ তিনিজন আহত

ধুবুৰীত অবৈধভাৱে মাটি দখলত নামিছে একাংশ ভূ-মাফিয়া । ভূমিকেন্দিক সংঘাতৰ ভয়াৱহ পৰিণতি । টিয়ামাৰীত মাটি দখলক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰ-পিট । দুয়ো পক্ষৰ সংঘাতত জাকিৰ হুছেইন নামৰ এজন লোকসহ আন দুজন লোক আহত ।

ধুবুৰীত ভূমিকেন্দিক সংঘাতৰ ভয়াৱহ পৰিণতি
ধুবুৰীত ভূমিকেন্দিক সংঘাতৰ ভয়াৱহ পৰিণতি

ধুবুৰী, ২ ডিচেম্বৰ: মাটি দখলক কেন্দ্ৰ কৰি ধুবুৰীৰ টিয়ামাৰীত দুই ফৈদৰ প্ৰচণ্ড সংঘাতৰ সৃষ্টি হয় । জাকিৰ হুছেইন নামৰ এজন লোকে গৌৰীপুৰৰ টিয়ামাৰী দ্বিতীয় খণ্ড গাঁৱত ক্ৰয় কৰা মাটি আন এজন লোকে দখল কৰাক লৈ বিবাদৰ সূত্ৰপাত হয় ।

ধুবুৰীত ভূমিকেন্দিক সংঘাতৰ ভয়াৱহ পৰিণতি

দুদিন ধৰি দুয়ো পক্ষৰ মাজত সংঘাত অব্যাহত আছে । বুধবাৰে এই বিবাদে ভয়াৱহ ৰূপ লয় । এটা পক্ষই আনটো পক্ষক মাৰ-পিট কৰে । এই ঘটনাত জাকিৰ হুছেইন নামৰ লোকজন আহত হয় ।

সম্প্ৰতি বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে লোকজন । জাকিৰ হুছেইনৰ লগতে আন দুজন লোকো আঘাতপ্ৰাপ্ত হয় । আনহাতে, দুয়োপক্ষই গৌৰীপুৰ থানাত গোচৰ ৰুজু কৰাৰ উপৰিও জাকিৰ হুছেইনৰ জোঁৱায়েকে ধুবুৰী সদৰ থানাত আন এখন এজাহাৰ দাখিল কৰিছে ।

ধুবুৰীত ভূমিকেন্দিক সংঘাতৰ ভয়াৱহ পৰিণতি

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । ধুবুৰী জিলা আৰক্ষী-প্ৰশাসনে গুৰুত্ব নিদিলে ভূ-মাফিয়াৰ দপদপনি অধিক হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:ডিব্ৰুগড়ত অসমৰ দ্বিতীয় সৰ্ববৃহৎ সংগ্ৰহালয় উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details