অসম

assam

ETV Bharat / state

ধুবুৰী নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা কম্পিউটাৰ চুৰি

ধুবুৰী নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ কম্পিউটাৰত চকু পৰিছে কোনো অজ্ঞাত দুষ্ট চক্ৰৰ ৷ এবছৰৰ পূৰ্বে কাৰ্যালয়টোত ৰহস্যজনক অগ্নিকাণ্ড সংঘটিত হৈ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জাহ যোৱাৰ পাছত এইবাৰ কাৰ্যালয়টোত সংঘটিত হৈছে এটা কম্পিউটাৰ চুৰিৰ ঘটনা ৷

By

Published : Sep 17, 2021, 6:50 PM IST

computer-stolen-from-dhubri-election-officers-office
ধুবুৰী নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা কম্পিউটাৰ চুৰি

ধুবুৰী,17 ছেপ্তেম্বৰ : ধুবুৰী নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ থকা এটা কম্পিউটাৰ চুৰি হোৱাকলৈ জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ বাৰে বাৰে এটা চক্ৰই ধুবুৰী নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ তথ্য নষ্ট কৰাৰ চেষ্টা চলাই আহিছে ৷ কেতিয়াবা যদি অগ্নিকাণ্ডৰ ফলত কাৰ্যালয়টোৰ নথিপত্ৰ নষ্ট হয় আন কেতিয়াবা আকৌ গুৰুত্বপূৰ্ণ নথি সহ চুৰি হয় কাৰ্যালয়ৰ কম্পিউটাৰ ৷ প্ৰায়ে সংঘটিত হোৱা এইধৰণৰ ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ ৷

ধুবুৰী নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা কম্পিউটাৰ চুৰি

উল্লেখ্য যে, যোৱা সোমবাৰে কাৰ্যালয়টোৰ এটা গুৰুত্বপূৰ্ণ কম্পিউটাৰ চুৰি হয় ৷ বিভিন্ন চাৰ্টিফাইড কপি আৰু ডিজিটেল স্বাক্ষৰ উক্ত চুৰি হোৱা কম্পিউটাৰত ৰখা হৈছিল ৷ কাৰ্যালয়টোৰ ষ্ট'ৰ ৰূমত দুটাকৈ কম্পিউটাৰ আছিল যদিও তাৰে এটা কম্পিউটাৰৰ চি পি ইউ(CPU) ৰহস্যজনকভাৱে নোহোৱা হয় ৷ অৱশ্যে এইক্ষেত্ৰত নিৰ্বাচনী বিষয়া দেৱ সেনা বৰ্মণে স্পষ্টকৈ উল্লেখ কৰে যে, কাৰ্যালয়ৰ কোনো কৰ্মচাৰী এই কাৰ্যত জড়িত নাই ৷

এই ঘটনা সংক্ৰান্তত নিৰ্বাচনী বিষয়া গৰাকীয়ে ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও চাৰিটা দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ লক্ষণীয় বিষয় এইয়ে যে, প্ৰায় এবছৰ মান পূৰ্বে একেটা কাৰ্যালয়তে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত জাহ গৈছিল ষ্ট'ৰ ৰূমত থকা বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ৷

এই কাৰ্যত এটা চক্ৰ জড়িত থকাৰ সন্দেহ কৰা নিৰ্বাচনী বিষয়া গৰাকীয়ে এতিয়া কাৰ্যালয়ত চি চি কেমেৰা আৰু আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব বুলি উল্লেখ কৰিছে ৷ নাগৰিকত্ব আৰু ভোটাৰৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ থকা কাৰ্যালয়টো কোন দুষ্ট চক্ৰৰ লক্ষ্য হৈ পৰিছে তাৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷

লগতে পঢ়কঃকেমেৰাৰ সন্মুখতে ৰূপজ্যোতি কুৰ্মীৰ গালত চৰ !

ABOUT THE AUTHOR

...view details