অসম

assam

By

Published : Sep 10, 2019, 8:31 PM IST

ETV Bharat / state

চাপৰত বনকৰ্মীৰ বিৰুদ্ধে কাঠৰ কুণ্ডা চুৰিৰ অভিযোগ

ধুবুৰী-বঙাইগাঁও সীমান্তৱৰ্তী ৰাখালঠাকুৰ বন শিবিৰৰ একাংশ বনকৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে চেগুন কাঠ চুৰিৰ অভিযোগ ৷ নিশা কাঠৰ কুণ্ডা চুৰি কৰি থকা অৱস্থাত স্থানীয় ৰাইজে জব্দ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

চাপৰত বনকৰ্মীৰ বিৰুদ্ধে কাঠৰ কুণ্ডা চুৰিৰ অভিযোগ

পূৱ বিলাসীপাৰা,10 চেপ্তেম্বৰঃ ধুবুৰী-বঙাইগাঁও সীমান্তৱৰ্তী ৰাখালঠাকুৰ বন শিবিৰৰ একাংশ বনকৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে চেগুন কাঠ চুৰিৰ অভিযোগ। সোমবাৰে শিবিৰটোৰ অধীনত থকা বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা নিশা চুৰি কৰি থকা অৱস্থাত স্থানীয় ৰাইজে জব্দ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । অভিযোগ অনুসৰি,কেইদিনমান পূৰ্বে অহা ধুমুহাত বনাঞ্চল খনৰ বহু মূল্যৱান চেগুন গছ ভাঙি পৰিছিল ৷ কিন্তু এই ভাঙি পৰা গছ সমূহ ৰক্ষণাবেক্ষণাৰ পৰিৱৰ্তে বনাঞ্চল খনৰ দায়িত্বত থকা একাংশ বনকৰ্মীয়ে চোৰাং ভাৱে বিক্ৰী কৰাৰ চেষ্টা কৰিছিল ৷ এই ক্ষেত্ৰত ৰাখালঠাকুৰ বন শিবিৰৰ আবুল কালাম নামৰ বনৰক্ষী গৰাকীৰ নেতৃত্বতে এই চেষ্টা চলিছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ কিন্তু ইয়াৰ বিপৰীতে স্থানীয় ৰাইজৰ এনে অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে বনকৰ্মী আবুল কালামে ৷

চাপৰত বনকৰ্মীৰ বিৰুদ্ধে কাঠৰ কুণ্ডা চুৰিৰ অভিযোগ

ABOUT THE AUTHOR

...view details